কৰ্মচাৰীৰ কৰ্মৰ সময় ৯ ঘণ্টা, মানি নলয় সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই

৯ ঘন্টা কৰ্মৰ সময়সীমা আন্তৰাষ্ট্ৰীয় শ্ৰমিক আইনৰ পৰিপন্থী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতি বৃদ্ধি কৰাৰ বাবে সাধাৰণ প্ৰশাসনে প্ৰস্তুত কৰি উলিয়াইছে নতুন সময়সীয়া।

news18assam
Updated:June 1, 2019, 6:36 PM IST
কৰ্মচাৰীৰ কৰ্মৰ সময় ৯ ঘণ্টা, মানি নলয় সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই
৯ ঘন্টা কৰ্মৰ সময়সীমা আন্তৰাষ্ট্ৰীয় শ্ৰমিক আইনৰ পৰিপন্থী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতি বৃদ্ধি কৰাৰ বাবে সাধাৰণ প্ৰশাসনে প্ৰস্তুত কৰি উলিয়াইছে নতুন সময়সীয়া।
news18assam
Updated: June 1, 2019, 6:36 PM IST
ৰাজ্যিক কৰ্মচাৰীসকলৰ কামৰ সময় হ’ব ৯ ঘণ্টা হোৱাৰ ঘোষণাৰ পিছতে সংগঠনৰ প্ৰতিক্ৰিয়া।  ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ ওলোৱা এই সিদ্ধান্তক পোনছাটেই নাকচ কৰিছে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই ৷ মুৰব্বী বিভাগীয় আমোলা সন্থাৰ দাবী চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতি বৃদ্ধিৰ নামত এয়া চৰম হেতালি ৷ সংগঠনটোৰ অভিযোগ চৰকাৰী এনে সিদ্ধান্তই কৰ্মচাৰীসকলক যথেষ্ট অসুবিধাত পেলাব ৷

ইফালে এই নতুন নীতি কাৰ্যকৰী কৰণক লৈ আগন্তুক কেবিনেটৰ মজিয়াত বিষয়টো উত্থাপনৰ সম্ভাৱনা। কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত প্ৰস্তুত কৰা ফাইলৰ প্ৰস্তাৱটো গৃহীত হ’লেই ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাটো নিশ্চিত।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহৰ সময়সূচী নতুনকৈ নিৰ্ধাৰণ কৰা সময়সূচীমতে ৰাজ্যিক কৰ্মচাৰীসকলৰ কামৰ সময় হ’ব ৯ ঘণ্টা। অৰ্থাৎ  চৰকাৰী কৰ্মচাৰীসকল পহিলা জুলাইৰ পৰা পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে ৯ বজাতে উপস্থিত হ’ব লাগিব কাৰ্যালয়ত। কাৰ্যালয় ছুটী হ’ব ৫ বজাৰ পৰিৱৰ্তে ৬ বজাত। লগতে প্ৰতিটো শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ। দেওবাৰটোকে ধৰি সপ্তাহত দুটাকৈ দিনত বন্ধ থাকিব কাৰ্যালয়সমূহ।
আৰু চাওক পৰৱৰ্তী বাতৰি