ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ মাজতে মঙলদৈত উপস্থিত হৈ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘দৰঙত ৫০০০ লোকক হোম কোৱাৰেণ্টাইন কৰিছে। হোম কোৱাৰেণ্টাইন ব্যৱস্থা অধিক কটকটীয়া কৰা হ’ব। হোম কোৱাৰেণ্টাইনত থকা সকলেও যাতে চৰকাৰী সকলো সুবিধা লাভ কৰে, তাৰ ব্যৱস্থা কৰিছে চৰকাৰ- প্ৰশাসনে। হোম কোৱাৰেণ্টাইনত থকা সকল যাতে ঘৰৰ বাহিৰ হ’ব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ হ’ব প্ৰশাসন।’
আজিৰ পৰ্যালোচনা বৈছকত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক অশোক সিংহাল, গুৰুজ্যোতি দাস, বিনন্দ কুমাৰ শইকীয়া উপস্থিত থাকে। বৈঠকতে মঙলদৈত ১৫ খন বিচনযুক্ত আইচিইউ নিৰ্মাণৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|