গুৱাহাটী মহানগৰীত আকৌ হ’ব নেকি ল’ক ডাউন? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য

News18 Assam | News18-Assam
Updated:August 29, 2020, 7:03 PM IST
গুৱাহাটী মহানগৰীত আকৌ হ’ব নেকি ল’ক ডাউন? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য
পুনৰ ল’ক ডাউন বলৱত্‍ কৰিব নেকি গুৱাহাটী মহানগৰীত? শেহতীয়াকৈ গুৱাহাটী মহানগৰীত কোৰোণা ভাইৰাছে আকৌ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

পুনৰ ল’ক ডাউন বলৱত্‍ কৰিব নেকি গুৱাহাটী মহানগৰীত? শেহতীয়াকৈ গুৱাহাটী মহানগৰীত কোৰোণা ভাইৰাছে আকৌ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

  • Share this:
পুনৰ ল’ক ডাউন বলৱত্‍ কৰিব নেকি গুৱাহাটী মহানগৰীত? শেহতীয়াকৈ গুৱাহাটী মহানগৰীত কোৰোণা ভাইৰাছে আকৌ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত ৰোগীৰ সংখ্যা। আনকি উদ্বেগজনকত ভাবে ৰাজ্যত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ। শনিবাৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘সমগ্ৰ অসমত এইপৰ্যন্ত এক লাখতকৈ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছে, য’ত মৃত্যুৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। কামৰূপ মেট্ৰ’ত ৬৪ গৰাকী লোকে ইতিমধ্যে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে। আনকি  যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু বৰাক উপত্যকাতো দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

গুৱাহাটী মহানগৰীত কোৰোণাৰ এই ভয়াৱহ পৰিস্থিতি অব্যাহত থাকিলে চৰকাৰে পুনৰ ল’ক ডাউন বলৱত্‍ কৰাৰ চিন্তা কৰিব বুলি শুকুৰবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনাইছিল। আজি আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ল’ক ডাউনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কয় যে, যদিও এতিয়ালৈকে ৰাজ্যত পুনৰ ল’ক ডাউন ঘোষণা কৰাৰ কথা  চিন্তা কৰা নাই তথাপিও পৰিস্থিতিয়ে বাধ্য কৰিলে চৰকাৰে সিদ্ধান্ত ল’ব পাৰে। মন্ত্ৰীগৰাকীয়ে সকলোকে সামাজিক দূৰত্ব ৰক্ষা কৰি মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়।
Published by: Himangshu Bhuyan
First published: August 29, 2020, 6:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading