• Home
  • »
  • News
  • »
  • assam
  • »
  • গণৰাজ্য দিৱস উদযাপনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে SOP

গণৰাজ্য দিৱস উদযাপনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে SOP

 SOP for Republic Day Celebration: বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ'ব।

  • Share this:
সমাগত গণৰাজ্য দিৱসক লৈ দেশৰ লগতে ৰাজ্যজুৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। কিন্তু ইয়াৰ মাজতে নতুন SOP প্ৰকাশ কৰা হৈছে গণৰাজ্য দিৱসক লৈ। সেই অনুযায়ী ৰাজ্যত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হব গণৰাজ্য দিৱস (SOP for Republic Day Celebration)

অসম চৰকাৰে গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে জাৰি কৰা নতুন এছঅ'পি অনুসৰি এই গণৰাজ্য দিৱস কম সংখ্যক লোকৰ উপস্থিতিৰে পালন কৰা হ'ব। গণৰাজ্য দিৱসত কোনো সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা নহ'ব।

ৰাজ্যিক পৰ্যায়ত ১০০০জন আৰু জিলা পৰ্যায়ত ৫০০জন লোকক কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব। ইয়াৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ'ব। কেৱল আৰক্ষী, গৃহৰক্ষী, অৰ্ধসামৰিক বাহিনীকহে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ'ব। আনহাতে, গণৰাজ্য দিৱসৰ অনুষ্ঠানত কেৱল দুবাৰ টিকাকৰণ কৰা লোকসকলেহে অংশগ্ৰহণ কৰিব পাৰিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি