অসম চৰকাৰে বৃদ্ধি কৰিছে অসম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিত্সকসকলৰ অৱসৰ প্ৰাপ্তিৰ বয়স। জানিব পৰা মতে, এই বয়স ৭০ বছৰলৈ বৃদ্ধি কৰা হৈছে।
শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিত্সক সকলৰ অৱসৰ প্ৰাপ্তিৰ বয়স বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।
চৰকাৰে জাৰি কৰা এক তথ্য অনুসৰি, শৈক্ষিক আৰু চিকিৎসা সেৱাৰ বাবে অভিজ্ঞ চিকিৎসকৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হ'ব।
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, যদিও চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৰাজ্যত বৃদ্ধি হৈছে তথাপিও অভিজ্ঞ চিকিৎসকৰ সংখ্যা নিচেই কম। এই অভাৱ পূৰণ কৰিবলৈ চিকিৎসকসকল, যি কৰ্মৰত নিজ চিকিৎসা মহাবিদ্যালয়ৰ অনুষদ সদস্যও হয় তেওঁলোকৰ অৱসৰৰ বয়স চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি কৰা হৈছে।
তদুপৰি, অসম চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে "চাহ বাগিচাকে ধৰি বিনামূলীয়া ঔষধ আৰু ব্যৱহাৰযোগ্য সামগ্ৰী" আঁচনি ৰূপায়ণৰ বাবে ১৩৬.৮ কোটি টকাৰ স্বীকৃতি দিছে।
চৰকাৰী বিবৃতিত উল্লেখ কৰা মতে, ই চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূলীয়া অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰ, চুটুৰ্ড, বীজাণুনাশক-ৰাসায়নিক পদাৰ্থ আৰু ব্যৱহাৰযোগ্য সামগ্ৰীৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 20, 2022, 17:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|