• Home
  • »
  • News
  • »
  • assam
  • »
  • Release Convicts : আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে ৰাজ্য চৰকাৰে মুকলি কৰিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী!

Release Convicts : আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে ৰাজ্য চৰকাৰে মুকলি কৰিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী!

যৌতুকত মৃত্যু হোৱা, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।

যৌতুকত মৃত্যু হোৱা, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।

যৌতুকত মৃত্যু হোৱা, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।

  • Share this:
স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে কিছুমান বিশেষ শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তি ক্ষমা কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। গৃহ মন্ত্ৰালয়ৰ (Ministry of Home Affairs) পত্ৰৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ১৫ আগষ্টৰ পৰা মুক্তিৰ বাবে যোগ্য কয়দীৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে।

অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা এক আদেশত কোৱা হৈছে যে ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষীক তেওঁলোকৰ মুঠ শাস্তিৰ সময়সীমাৰ ৫০ শতাংশ সম্পূৰ্ণ কৰিলে মুকলি কৰি দিয়া হ’ব। পুৰুষ দোষীৰ ক্ষেত্ৰত শাস্তি ক্ষমা কৰাৰ বাবে নূন্যতম বয়স ৬০ বছৰ (Assam govt. to release convicts )।

আনহাতে, শাৰীৰিকভাৱে ৭০ শতাংশ অক্ষমতা বা তাতকৈ অধিক অক্ষমতা থকা বুলি মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ দিয়া দোষীসকলকো মুকলি কৰি দিয়া হ’ব। তেওঁলোকৰ শাস্তিৰ সময়সীমাও ৫০ শতাংশ সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ লগতে মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ পালে গুৰুতৰ ৰোগত ভোগা দোষীক মুকলি কৰি দিয়াৰ কোনো চৰ্ত ৰখা হোৱা নাই।

শাস্তি ক্ষমাৰ বাবে যোগ্য আন শ্ৰেণীৰ কয়দীসকল হ’ল যিসকলে শাস্তিৰ সময়সীমাৰ দুই তৃতীয়াংশ বা ৬৬ সম্পূৰ্ণ কৰিছে, যিসকল দৰিদ্ৰ বা দৰিদ্ৰ কয়দী, যিয়ে নিজৰ শাস্তি সম্পূৰ্ণ কৰিছে কিন্তু তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে, আৰু যিসকল ব্যক্তিয়ে কম বয়সতে অপৰাধ সংঘটিত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক কাৰ্যত জড়িত নাছিল বা কোনো গোচৰ ৰুজু হোৱা নাই।

মৃত্যুদণ্ড, আজীৱন কাৰাদণ্ড, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে আইন অনুসৰি তৰা গোচৰৰ দোষীসকলৰ বাবে অৱশ্যে এনে ক্ষমাদান নহ’ব।

আনহাতে যৌতুকত মৃত্যু হোৱা, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়। লগতে ধন সৰবৰাহ, দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত, নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবছটেন্স এক্ট তথা দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনৰ অপৰাধীৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য নহ'ব।

গৃহ আৰু ৰাজনৈতিক বিভাগে (Assam’s Home and Political Department) প্ৰদান কৰা তথ্য অনুসৰি নিৰ্দিষ্ট কৰা শ্ৰেণীত কোনো মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষী নাই। আনহাতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ পাঁচজন পুৰুষ কয়দীৰ শাস্তিৰ কমেও ৬৫% সম্পূৰ্ণ হৈছে।

অসমৰ কাৰাগাৰসমূহত ১২ জন দোষী আছে, যিয়ে তেওঁলোকৰ শাস্তিৰ সময়সীমাৰ ৬৬ শতাংশ সম্পূৰ্ণ কৰিছে। এইক্ষেত্ৰত সৰ্বাধিক নগাঁও কেন্দ্ৰীয় কাৰাগাৰত থকা শীলবানুশ গোৰীয়াই (৯০.৬%) শাস্তিৰ ম্যাদ অতিবাহিত কৰিছে।
Published by:Gautam Barman
First published: