কোভিডৰ নামত ৰাজ্যত কিমান ব্যয় হ’ল জানেনে? কিমান টকা দিলে কেন্দ্ৰীয় চৰকাৰে? অসমৰ জনসাধাৰণে দিলে কিমান টকা?

News18 Assam | News18-Assam
Updated:September 2, 2020, 10:22 PM IST
কোভিডৰ নামত ৰাজ্যত কিমান ব্যয় হ’ল জানেনে? কিমান টকা দিলে কেন্দ্ৰীয় চৰকাৰে? অসমৰ জনসাধাৰণে দিলে কিমান টকা?
Source-Google

কোৰোণা বিৰোধী যুঁজত কেৱল স্বাস্থ্য বিভাগে এই পৰ্যন্ত বিভিন্ন শিতানত ৫৭৯ কোটি ৯০ লাখ ৩১ হাজাৰ ৭১ টকা ব্যয় কৰিছে।

  • News18 Assam
  • Last Updated: September 2, 2020, 10:22 PM IST
  • Share this:
কোৰোণা বিৰোধী যুঁজত কেৱল স্বাস্থ্য বিভাগে এই পৰ্যন্ত বিভিন্ন শিতানত ৫৭৯ কোটি ৯০ লাখ ৩১ হাজাৰ ৭১ টকা ব্যয় কৰিছে। সদনত কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এটা প্ৰশ্নৰ উত্তৰত দিছে এই তথ্য। প্ৰকাশিত তথ্য অনুসৰি-

  • হাস্পতালৰ উন্নীতকৰণ, স্ক্ৰীণিং চেণ্টাৰ, কোৱাৰেণ্টাইন চেণ্টাৰৰ মেৰামতি, প্ৰতিষ্ঠানিক  আৰু হোটেলত ৰখাৰ ব্যৱস্থা আদিৰ বাবদ স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ১৯৯ কোটি ৭২ লাখ ২০ হাজাৰ টকা জিলাসমূহক মোকলাই দিছে।


  • চিকিৎসা মহাবিদ্যালয় আৰু আয়ুৰ্বেদিক কলেজক কোভিড ব্যৱস্থাপনাৰ বাবে দিয়া হৈছে ৩ কোটি ৮৫ লাখ ৫০ হাজাৰ টকা।

  • ৰেপিড এণ্টিজেন টেষ্ট কিট, আৰ টি পি চি আৰ টেষ্ট কিট আদিৰ বাবদ মোকলাই দিয়া হৈছে ৫২ কোটি, ৯৫ লাখ ৩৮ হাজাৰ ৫০৫ টকা।

  • কোভিড চিকিৎসাৰবাবে প্ৰয়োজনীয় ঔষধ ,পিপিই, গ্লভচ, মাস্ক আদিৰ বাবদ মোকলাই দিয়া হৈছে ৭৫ কোটি ৮১ লাখ ৯৫ হাজাৰ ৮৭ টকা।

  • ৩৭ কোটি ৬৯ লাখ ৩৫ হাজাৰ ৪৭ টকা আদায় দিয়া হৈছে ভেণ্টিলেটৰ, মাল্টি পেৰা মনিটৰছ, ইনফ্ৰাৰেড থাৰ্মমিটাৰ, আই চি ইউ বেড, হাস্পতাল বেড, অক্সিজেন চিলিণ্ডাৰৰ বাবে।


  • কোভিড সজাগতা সৃষ্টিৰ বাবে ব্যয় কৰা হৈছে ৩ কোটি ৪১ লাখ ৩২হাজাৰ ৮০০ টকা।

  • চিকিৎসক, নাৰ্ছক কোৱাৰেণ্টাইনত ৰখা, অতিৰিক্ত কৰ্মচাৰী নিয়োগ আদিৰ বাবদ খৰচ হৈছে ১ কোটি ৬ লাখ ৬৫ হাজাৰ ৮৬২ টকা।

  • প্ৰশাসনীয় ব্যয় হৈছে ১ কোটি ৬০ লাখ ৩৩ হাজাৰ ৪৩৬ টকা।


আনহাতে বিৰোধী দলপতি দেবৱ্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰা তথ্য অনুসৰি ৩১ জুলাইলৈকে বহিঃ ৰাজ্যৰ পৰা অহা ৩ লাখ ২৮ হাজাৰ ৭৬২ জন লোকক কোভিড চেণ্টাৰত ৰখা হৈছিল। এইসকল লোকক একোটাকৈ ৱেলকাম কিট দিয়াৰ নামত ৫০০ টকাকৈ খৰচ হোৱা বুলি তথ্য প্ৰকাশ পাইছে সদনত।

স্বাস্থ্য বিভাগে এই বৃহৎ ধনৰাশিৰ উপৰিও ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে জিলাসমূহলৈ কভিড ৰোগীৰ যত্ন লোৱাৰ বাবদ ১৫০ কোটি ৮১ লাখ ৩৬ হাজাৰ টকা মোকলাই দিছে।        তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, কোভিডৰ সৈতে যুঁজিবলৈ অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ১৯৬ কোটি টকাহে আগবঢ়াইছে। ইয়াৰ বিপৰীতে অসমৰ জনসাধাৰণে কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগক ১১৬ কোটি টকা আগবঢ়াইছে।
Published by: Himangshu Bhuyan
First published: September 2, 2020, 10:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading