• Home
  • »
  • News
  • »
  • assam
  • »
  • Highest Civilian Award: সমাজ জীৱনৰ বাটকটীয়াসকললৈ সৰ্বোচ্চ অসামৰিক সন্মান অসম চৰকাৰৰ 

Highest Civilian Award: সমাজ জীৱনৰ বাটকটীয়াসকললৈ সৰ্বোচ্চ অসামৰিক সন্মান অসম চৰকাৰৰ 

কলাক্ষেত্ৰত আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বঁটা গ্ৰহণ কৰিলে অসম সৌৰভ, অসম গৌৰৱে 

কলাক্ষেত্ৰত আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বঁটা গ্ৰহণ কৰিলে অসম সৌৰভ, অসম গৌৰৱে 

কলাক্ষেত্ৰত আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বঁটা গ্ৰহণ কৰিলে অসম সৌৰভ, অসম গৌৰৱে 

  • Share this:
মানৱ সেৱা, লোকসেৱা, স্বাস্থ্য, শিক্ষা, কৃষি আদি ক্ষেত্ৰলৈ অসামান্য অৱদান আগবঢ়োৱা সমাজ জীৱনৰ বাটকটীয়াসকলক সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰিলে ৰাজ্য চৰকাৰ ৷ শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰা ৰতন নৱল টাটাক উদ্যোগপতি আৰু সমাজ হিতৈষী হিচাপে আগবঢ়োৱা অৱদানৰ বাবে অসম বৈভৱ সন্মান প্ৰদান কৰিলে ৰাজ্য চৰকাৰে ৷

অসমত অত্যাধুনিক কৰ্কট চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত অনবদ্য অৱদান আছে পদ্মবিভূষণ ৰতন নৱল টাটাৰ (Ratan Naval Tata) ৷ অসম বৈভৱৰ পিছতে পাঁচগৰাকীলৈ আগবঢ়োৱা হয় অসম সৌৰভ (Asom Sourav) সন্মান ৷ শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অধ্যাপক কমলেন্দু দেৱ ক্ৰোড়ীলৈ অসম সৌৰভ, লোকসেৱা ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ডা৹ লক্ষ্মণন এছলৈ অসম সৌৰভ, বাণিজ্য পৰিচালনাত আগবঢ়োৱা অৱদানৰ বাবে অধ্যাপক দীপক চান্দ জৈনলৈ অসম সৌৰভ, ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে লাভলীনা বৰগোহাঁইলৈ (Lovlina Borgohain) অসম সৌৰভ, চিত্ৰকলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে নীলপৱন বৰুৱালৈ অসম সৌৰভ সন্মান আগবঢ়ায় ৰাজ্য চৰকাৰে ৷

অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে বঁটা গ্ৰহণ কৰিব নোৱাৰিলে অধ্যাপক দীপক চান্দ জৈনে ৷ ইফালে সমাজৰ ভিন্ন ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়োৱা ১৩গৰাকীক ৰাজ্য চৰকাৰে দিলে অসম গৌৰৱ সন্মান ৷ লোকসেৱা আৰু প্ৰতিষেধক প্ৰদানত আগবঢ়োৱা বৰঙণিৰ বাবে মুনীন্দ্ৰ নাথ ঙাটেলৈ অসম গৌৰৱ সন্মান, হাঁহ-কুকুৰা পালন উদ্যোগলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আকাশ জ্যোতি গগৈলৈ অসম গৌৰৱ, গাহৰি পালন উদ্যোগলৈ আগবঢ়োৱা বৰঙণিৰ বাবে মনোজ কুমাৰ বসুমতাৰীলৈ অসম গৌৰৱ, ক্ৰীড়া আৰু পৰ্বতাৰোহণলৈ আগবঢ়োৱা অৱদানৰ বাবে খৰছিং টেৰাঙলৈ অসম গৌৰৱ, বয়ন শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ সন্মান, জনস্বাস্থ্য আৰু লোকসেৱা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নমিতা কলিতালৈ অসম গৌৰৱ বঁটা আগবঢ়ায় (Assam Govt confer the state's highest civilian award)।

ইয়াৰ লগতে বাৰ্মিতা মমিনলৈ লোকসেৱা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম গৌৰৱ বঁটা (Asom Gourav), বন্যপ্ৰাণী সংৰক্ষণত আগবঢ়োৱা অৱদানৰ বাবে ধৰণীধৰ বড়োলৈ অসম গৌৰৱ, কৃষি ৰপ্তানি আৰু উদ্যমিতা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে কৌশিক বৰুৱালৈ অসম গৌৰৱ, লোকসেৱা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কল্পনা বড়োলৈ অসম গৌৰৱ সন্মান, নাৰী উদ্যমিতা হিচাপে আগবঢ়োৱা অৱদানৰ বাবে অসম গৌৰৱ বঁটা ববী হাজৰিকালৈ, স্বাস্থ্য আৰু চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ডা৹ আছিফ ইকবাললৈ অসম গৌৰৱ সন্মান ৰাজ্য চৰকাৰৰ ৷ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ হাতৰপৰা সকলোৱে গ্ৰহণ কৰিলে সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি