• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘মা গংগাৰ দৰে পৱিত্ৰ আৰু স্বচ্ছ হ’ব লাগিব নিযুক্তি প্ৰক্ৰিয়া’ – ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘মা গংগাৰ দৰে পৱিত্ৰ আৰু স্বচ্ছ হ’ব লাগিব নিযুক্তি প্ৰক্ৰিয়া’ – ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো। প্ৰতিশ্ৰুতি পূৰণৰ জৰিয়তে ৰাজ্যখন বিকশিত কৰি তুলিম। তৃতীয়বাৰৰ বাবে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে।’’

  • Share this:
আজি গুৱাহাটীৰ খানাপাৰাত ১১,২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, ৰণজিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী–বিধায়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে।

নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো। প্ৰতিশ্ৰুতি পূৰণৰ জৰিয়তে ৰাজ্যখন বিকশিত কৰি তুলিম। তৃতীয়বাৰৰ বাবে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। আজি কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থীসকলে। যেতিয়ালৈ ১ লাখ নিযুক্তি সম্ভৱ নহয় তেতিয়ালৈ এনেকুৱা সভা হৈ থাকিব।’’

মুখ্যমন্ত্ৰীয়ে কয়, ফৰেষ্ট বেটেলিয়নৰ বাবে এটা বেটেলিয়ন গঠন হ’ব। যিসকলে আৰক্ষীত নিয়োগ লাভ কৰা নাই তেওঁলোকে তাতে নিয়োগৰ চেষ্টা কৰক। এতিয়ালৈ ৫শৰো অধিক অনুকম্পামূলক নিযুক্তি প্ৰদান সম্ভৱ হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল। এয়া নিকা আৰু স্বচ্চ কৰিবলৈ যাওঁতে বহু বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত দলৰ ভিতৰত–বাহিৰত বাধাৰ সন্মুখীন হৈছিলো। আজি মুখ্যমন্ত্ৰী অথবা শিক্ষামন্ত্ৰী থাকক নাথকক, কিন্তু নিকা ব্যৱস্থাৰ মাজেৰে নিয়োগৰ ধাৰা আৰম্ভ হৈছে। মা গংগাৰ দৰে নিকা আৰু স্বচ্ছ হ’ব লাগিব আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। শেহতীয়া ২ নিযুক্তি নিকা–স্বচ্ছ হৈছে। ইয়াত আৰু কোনেও কলংক সানিব নোৱাৰে। লোকসেৱা আয়োগত চাকৰি লাভৰ বাবে ধনৰ লেনদেন নচলে।
Published by:Sanjay Kumar Das
First published: