• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম চুক্তি ৰূপায়নৰ বাবে আকৌ নতুন কমিটী গঠন কৰিলে ৰাজ্য চৰকাৰে, এইবাৰ নেতৃত্বত মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়নৰ বাবে আকৌ নতুন কমিটী গঠন কৰিলে ৰাজ্য চৰকাৰে, এইবাৰ নেতৃত্বত মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত সমিতি গঠন !

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত সমিতি গঠন !

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত সমিতি গঠন !

  • Share this:
অসম চুক্তি ৰূপায়নক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন কমিটী গঠন কৰিছে ৷ অসম চুক্তি ৰূপায়ন নহোৱা প্ৰতিটো দফা কাৰ্যকৰী, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, বানপানী, গৰাখহনীয়াকে আদি কৰি প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰা হৈছে এখন বিশেষ উপ সমিটী ৷

এই কমিটীখনৰ উদ্যোগত অসম চুক্তিৰ প্ৰতিটো দফা পুংখানুপুখভাৱে বিশ্লেষণ তথা পৰ্যবেক্ষণৰ জৰিয়তে আগবঢ়াৰ ইংগিত দিয়া হৈছে ৷ উল্লেখ্য যে, এই কমিটীত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাংক নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় কমিটীৰ আন দুই সদস্য ৷ আনহাতে সমিতিত সদস্য ৰূপে আছে ৰাজ্য চৰকাৰৰ আন দুই মন্ত্ৰী ক্ৰমে পীয়ুষ হাজৰিকা আৰু অজন্তা নেওগ ৷

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰণ কমিটীয়ে দাখিল কৰা প্ৰতিবেদন আজিৰ তাৰিখত পুনৰ তদাৰক কৰিব নতুন কমিটীয়ে ৷ কিন্তু কমিটীৰ পিছত কমিটীয়েই গঠন কৰিব নে সমস্যাও সমধান কৰিব, সেইলৈ এতিয়া সচেতন মহলে সন্দেহৰ দৃষ্টিৰে চাইছে সমগ্ৰ বিষয়টো।
Published by:Himangshu Bhuyan
First published: