বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / HSLC আৰু HS পৰীক্ষাৰ্থীক কিদৰে দিয়া হ'ব নম্বৰ? ৰাজ্য চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ কমিটী, জানি লওক সবিশেষ

HSLC আৰু HS পৰীক্ষাৰ্থীক কিদৰে দিয়া হ'ব নম্বৰ? ৰাজ্য চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ কমিটী, জানি লওক সবিশেষ

HSLC আৰু HS পৰীক্ষাৰ্থীক কিদৰে দিয়া হ'ব নম্বৰ? ৰাজ্য চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ কমিটী, জানি লওক সবিশেষ

৩১ জুলাইত দিব হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কোভিডৰ ভয়াৱহতা! কোভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস নপোৱাৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে বাতিল কৰিলে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

পিছে পৰীক্ষা বাতিল কৰিলেও ৰেকৰ্ডবেচড মূল্যাংকনৰ ভিত্তিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইয়াৰ বাবে প্ৰয়োগ কৰা হ’ব নতুন ফৰ্মূলা। আৰু এই নতুন ফৰ্মূলা প্ৰয়োগ কৰি ৩১ জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল দিব চৰকাৰে।

বিজ্ঞাপন

ছাত্ৰ-ছাত্ৰীৰ মাৰ্কিং আৰু মাৰ্কশ্বীট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসুবিধা দূৰ কৰিবলৈ আছু, এবছু আৰু সাহিত্য সভাৰ পৰামৰ্শলৈ চৰকাৰে গঠন কৰিছে দুখন এক্সপাৰ্ট কমিটী। ৰাজ্য চৰকাৰে শনিবাৰে ঘোষণা কৰা দুয়োখন কমিটীৰ মুৰব্বী হ’ল ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই আৰু কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা। দুয়োজনৰে নেতৃত্বত ৯ জনীয়া কমিটী গঠন কৰিছে চৰকাৰে।

News18

মেট্ৰিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত ৯ জনীয়া কমিটীখনৰ অধ্যক্ষ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বুঢ়াগোহাঁই। কমিটীখনৰ আহ্বায়ক হ’ল ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি। সদস্যসকল  ক্ৰমে আৰ চি জৈন, প্ৰসন্ন বৰা, এছ এন দাস, ৰঞ্জিত দাম, হাকিম টৰফদাৰ, চি বি ৰায় আৰু মৃনাল খাউণ্ড।

আনহাতে উচ্চতৰ মাধ্যমিকৰ মাৰ্কিঙৰ ক্ষেত্ৰত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ কমিটীত আছে  নিবেদিতা লস্কৰ, ড: এছ এন বৰ্মন, ড: এছ বৰকাকতি, ইদ্ৰিছ আলী, ৰতন পাল, দীপিকা চৌধুৰীৰ লগতে শিক্ষা সংসদৰ চেয়াৰমেন আৰু সচিব।

বিজ্ঞাপন

ছাত্ৰ ছাত্ৰীক নম্বৰ দিয়াৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিব আছু আৰু এবছুৱে। এই কথা নিউজ১৮ক জনালে এবছুৰ মুৰব্বী দ্বিপেন বড়োৱে। ৰাজ্য চৰকাৰে শনিবাৰে গঠন কৰি দিয়া দুয়োখন কমিটীয়ে ৭ দিনৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব। এই ৰিপৰ্টৰ ওপৰত ভিত্তিতে ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বীট প্ৰস্তুত কৰিব শিক্ষা বিভাগে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন