Assam Government Employees : অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! কোষাগাৰসমূহলৈ বিশেষ নিৰ্দেশনা বিত্ত বিভাগৰ

News18 Assam | News18-Assam
Updated:March 17, 2021, 1:51 PM IST
Assam Government Employees : অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! কোষাগাৰসমূহলৈ বিশেষ নিৰ্দেশনা বিত্ত বিভাগৰ
অন্তিম সময়ত যাতে কোষাগাৰত বিলৰ হেঁচা নপৰে, তালৈ লক্ষ্য এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

অন্তিম সময়ত যাতে কোষাগাৰত বিলৰ হেঁচা নপৰে, তালৈ লক্ষ্য এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

  • Share this:
চলিত বিত্তীয় বর্ষ শেষ হ’বলৈ কেইটামান দিন বাকী। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে কোষাগাৰসমূহক ৰাজ্যিক কর্মচাৰীৰ মার্চ মাহৰ দৰমহা আৰু পেন্সনৰ বিলসমূহৰ লগতে অনুদান আদি অহা ২৩ মার্চৰ পৰা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ অন্তিম সময়ত যাতে কোষাগাৰত বিলৰ হেঁচা নপৰে, তালৈ লক্ষ্য এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

সেইদৰে কণ্টিজেঞ্চী আৰু দৰমহাবহির্ভূত শিতানৰ বিলসমূহ গ্রহণৰ দিন ২৬ মার্চ ধার্য কৰিছে৷ এই চৰম সীমা কঠোৰভাৱে মানিবলৈ নির্দেশ দিয়া হৈছে কোষাগাৰ বিষয়াসকলক৷ তদুপৰি ২৭ আৰু ২৮ মার্চ অর্থাৎ চতুর্থ শনিবাৰ আৰু দেওবাৰৰ দিন দুটা খোলা ৰাখিবলৈ নির্দেশটোত উল্লেখ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: March 17, 2021, 1:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি