শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ কঢ়িয়ইছিল। কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ (DA) আৰু মৰগীয়া সাহায্য (DR) ২৮ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি হৈ ২৮ শতাংশ হ'ল কৰ্মচাৰীৰ মৰগীয়া বানচ। এই বৃদ্ধি ২০২১ চনৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব।
আৰু আজিৰ দিনটোত DA/DR ১১ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধিৰ অধিসূচনা জাৰি কৰে বিত্ত বিভাগে। ইয়াৰ লগে লগে এতিয়া ৰাজ্যিক কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।
কেৱল ইমানেই নহয়, কৰ্মচাৰীসকলক আন এক সকাহ দিছে ৰাজ্য চৰকাৰে। ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, নিয়োগ সৃষ্টিৰ লক্ষ্যৰে চৰাকৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নতুন চাকৰিত নিযুক্তিৰ ভিতৰত ৫২৫০০ টা পদত নিযুক্তিৰ ক্ষেত্ৰতো শেহতীয়াকৈ অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 19, 2021, 22:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|