মন্ত্ৰীগৰাকীয়ে লগতে কয়. যে, ‘ৰাজ্যৰ অৰ্থনীতি স্বাভাৱিক অৱস্থাত নাই ৷ পেট্ৰল পাম্পো ভালকৈ চলা নাই ৷ কৰ সংগ্ৰহ হোৱা নাই ৷ অন্ধপ্ৰদেশ চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰে দৰমহা কৰ্তন কৰিছে। আমি দৰমহা কৰ্তন কৰা নাই ৷ পাঁচ লাখ কৰ্মচাৰী আছে ৷ প্ৰতিজন কৰ্মচাৰীয়ে ওচৰৰ পাঁচটা পৰিয়ালক সহায় কৰক এই দুৰ্যোগকালত’।