কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীক দিয়া হ’ব দৰমহা, বহিঃৰাজ্যৰ পৰা অহা শিক্ষাৰ্থীলৈ চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য

News18 Assam | News18-Assam
Updated:May 7, 2020, 5:38 PM IST
কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীক দিয়া হ’ব দৰমহা, বহিঃৰাজ্যৰ পৰা অহা শিক্ষাৰ্থীলৈ চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য
আজমেৰৰ পৰা অহা এজনৰ দেহত কোৰোণা ভাইৰাছ

আজমেৰৰ পৰা অহা এজনৰ দেহত কোৰোণা ভাইৰাছ

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা।

  • আজমেৰৰ পৰা অহা এজনৰ দেহত কোৰোণা ভাইৰাছ।


  • কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা।

  • মাস্ক পৰিধান নকৰিলে ৫০০ টকাৰ জৰিমনা।

  • এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফলৰ পিছত দিয়া নহয় মাৰ্কশ্বীট।

  • তাৰ পৰিৱৰ্তে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে হ’ব কলেজত নামভৰ্তি।


  • ৩১ মে’লৈকে গৰম বন্ধ ঘোষণা।

  • জুনৰ প্ৰথম ভাগৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ পাঠ দান আৰম্ভ হ’ব।

  • ঘৰৰ ওচৰৰ যিকোনো মহাবিদ্যালয়তে গ্ৰহণ কৰিব পাৰিব পাঠ। শিক্ষকসকলেও যতেই থাকিব , ওচৰৰ মহাবিদ্যালয়খনতে পাঠদান কৰিব পাৰিব।

  • বহিঃৰাজ্যৰ পৰা অহা ৰাজ্যৰ শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য।

  • দক্ষিণ ভাৰত-পূৱ ভাৰতৰ পৰা অহা শিক্ষাৰ্থীক ৫ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

  • কাইলৈৰ পৰা ৰাজ্যলৈ ঘূৰাই অনা হ’ব অসম ভৱনত আবদ্ধ হৈ থকা কৰ্কট ৰোগীসকল।

First published: May 7, 2020, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি