• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ চৰকাৰী কৰ্মচাৰীলৈ ধনৰ যোগান ধৰিব চৰকাৰে, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma: পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ চৰকাৰী কৰ্মচাৰীলৈ ধনৰ যোগান ধৰিব চৰকাৰে, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত ।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত ।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত ।

  • Share this:
২০২৩ বৰ্ষত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এখন ব্যতিক্ৰমী আঁচনি।  পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণলৈ নিবলৈ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰী আঁচনিৰ জৰিয়তে ধনৰ যোগান ধৰিব ৰাজ্য চৰকাৰে। দেওবাৰে বিশিবনাথ চাৰিআলিত উপস্থিত হৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত । বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ  চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাদী কেন্দ্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে বামগাঁৱত ৷

কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত ঢোল বজাই আনন্দ কৰিলে মূখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাড়ী কেন্দ্ৰতো উদ্বোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে ৷‌ লগতে অহা  ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চৰ ঋণৰ সাহায্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

ইয়াৰ পিছতে কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰ চেক ল'বলৈ অপেক্ষা কৰি থকা গোটৰ মহিলা সকলক উদ্দেশি দিয়া ভাষণ প্ৰসংগত কয় যে,  অসমত এতিয়া নতুন নিয়ম চলিছে। মহিলা সকলক চেক সমূহ লওতে চৰকাৰী বিষয়াক উৎকোচ নিদিব ৷ চৰকাৰী কাৰ্যালয়লৈ গ'লে কোনোবাই ধন বিচাৰিলে ভিডিঅ কৰি ফেচবুকত  দিব।  উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গলে বিষয়া-কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে চিএম চাৰে আপোনাক চাহ খুৱাবলৈ কৈছে বুলি কবলৈও কয় মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলেহে ছুটি মঞ্জুৰ হ'ব। অন্যথা  কেজুৱেল লিভহে পাব কৰ্মচাৰীয়ে ৷ অহা বৰ্ষৰ পৰা পিতৃ মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ চৰকাৰে আঁচনিৰ জৰিয়তে পূঁজি যোগান ধৰিব ৷ এই কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: