ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা। ৰাজ্য চৰকাৰে অতিৰিক্ত ৩ শতাংশ DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ আৰু ফেমিলী পেন্সনাৰসকল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জুলাই ২০২১ৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত।
কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ DA আৰু DR বৃদ্ধি কৰাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীসকলেও আশা কৰিছিল যে, তেওঁলোকৰো DA, DR বঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক লগো ধৰিছিল কৰ্মচাৰী পৰিষদে। আৰু অৱশেষত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে কৰ্মচাৰীৰ DA আৰু DR বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।