• Home
  • »
  • News
  • »
  • assam
  • »
  • ৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ, স্নাতক আৰু HS Final Yearৰ পাঠদান, পিছে বিদ্যালয়ত নৱম-দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব কেতিয়া?

৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ, স্নাতক আৰু HS Final Yearৰ পাঠদান, পিছে বিদ্যালয়ত নৱম-দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব কেতিয়া?

ভ্ৰাম্যমান কলা কুশলী সকলে আৰম্ভ কৰিব পাৰিব আখৰা

ভ্ৰাম্যমান কলা কুশলী সকলে আৰম্ভ কৰিব পাৰিব আখৰা

ভ্ৰাম্যমান কলা কুশলী সকলে আৰম্ভ কৰিব পাৰিব আখৰা

  • Share this:
ৰাজ্যত ক্ৰমান্বৰে হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ ফলত এতিয়া ৰাজ্য চৰকাৰে অধিক শিথিলতা প্ৰদান কৰিছে। অহা  ৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্নাতকোত্তৰ (Post Graduate), স্নাতক (graduate) আৰু হায়াৰ ছেকেণ্ডাৰীৰ দ্বিতীয় বৰ্ষৰ (HS 2nd Year) পাঠদান আৰম্ভ হ'ব।

শিক্ষাখণ্ডৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা শিথিলতাঃ

◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি। অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।

◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্ধ্বৰ ছাত্ৰ-ছাত্ৰীসকলে কোভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক'মেও এপালি প্ৰতিষেধক ল'লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব।

◆ কাইলৈৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী (১৮ বছৰ উৰ্ধ্বৰ) সকলে কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া অহা সোমবাৰ (৬ চেপ্তেম্বৰ ২০২১)ৰ পৰাহে আৰম্ভ কৰিব পাৰিব।

◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল মুকলিত অনুমতি। অৱশ্যে কেৱল দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।

কিন্তু নৱম দশম শ্ৰেণীৰো পাঠদান আৰম্ভ হব বুলি শিক্ষামন্ত্ৰীয়ে পূৰ্বতে ঘোষণা কৰিছিল যদিও আজি প্ৰকাশ পোৱা SOPত কোনো ধৰণৰ স্পষ্ট ইংগিত পোৱা নগ'ল।
Published by:Himangshu Bhuyan
First published: