২০২১ৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ- আৰু কি কি সিদ্ধান্ত লোৱা হ’ল ৰাজ্যিক কেবিনেটত?

News18 Assam | News18-Assam
Updated:June 29, 2020, 7:20 PM IST
২০২১ৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ- আৰু কি কি সিদ্ধান্ত লোৱা হ’ল ৰাজ্যিক কেবিনেটত?
কোৰোণা মহামাৰী, বানৰ বিধ্বংসী ৰূপ, ভয়াৱহ গৰাখহনীয়া আদিৰে জৰ্জৰিত ৰাজ্যখনক আগবঢ়াই নিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেটত।

কোৰোণা মহামাৰী, বানৰ বিধ্বংসী ৰূপ, ভয়াৱহ গৰাখহনীয়া আদিৰে জৰ্জৰিত ৰাজ্যখনক আগবঢ়াই নিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেটত।

  • Share this:
কোৰোণা মহামাৰী, বানৰ বিধ্বংসী ৰূপ, ভয়াৱহ গৰাখহনীয়া আদিৰে জৰ্জৰিত ৰাজ্যখনক আগবঢ়াই নিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেটত ৷ সোমবাৰে খানাপাৰাৰ অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজিত কেবিনেট বৈঠকত শিক্ষা আৰু উদ্যোগখণ্ডৰ ওপৰত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বৈঠকত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক ক'লে- “কোৰোণা ভাইৰাছৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা অসমৰ উদ্যোগখণ্ডক আগবঢ়াই নিবৰ বাবে MSME অৰডিনেন্স পাছ কৰা হৈছে আজিৰ বৈঠকত ৷ এয়া ঐতিহাসিক সিদ্ধান্ত। এই অৰডিনেন্স মতে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী স্থাপনৰ বাবে উদ্যোগীয়ে তিনিবছৰলৈ কোনো অনুমতি বিচাৰিব নালাগে ৷ কেৱল উদ্যাোগ বিভাগক এখন আবেদন দিব আৰু বিভাগে আবেদন পত্ৰ পোৱা বুলি একনলেজ পত্ৰ দিব ৷ সেই পত্ৰই অনুমতি পত্ৰৰ কাম কৰিব ৷ বেলেগ বিভাগৰ পৰা উদ্যোগীয়ে এতিয়াৰে পৰা অনুমতি বিচাৰি ঘূৰি থাকিব নালাগে ৷”

“৬৯৩কোটি টকা বিনিয়োগ সাপেক্ষে যোগীঘোপাত স্থাপন হ'ব ‘International Logistic Hub’৷ এই হাবত ৰেল, বন্দৰ, National Highway, Air cargo সংযুক্ত হ'ব ৷ চিটাগংগ আৰু মংগলা বন্দৰৰ সৈতে সংযুক্ত হ'ব ব্ৰক্ষ্মপুত্ৰৰ যোগাযোগ ৷ ৪৮ কোটি টকা মূল্যৰ মাটি অসম চৰকাৰে দিব।” মন্ত্ৰী পৰিষদৰ বৈঠকৰ পিছতে এনেদৰে কয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

লগতে NABARDৰ পৰা ৰাজ্য চৰকাৰে ৩৩৮কোটি ঋণ লোৱাৰ সিদ্ধান্ত সোমবাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা হয় ৷ মন্ত্ৰী পাটোৱাৰীয়ে জনোৱা মতে, ১৫ বিত্তীয় পৰিকল্পনাত জিলা পৰিষদে ১৫%, গাঁৱ পঞ্চায়তে ৭৫% আৰু আঞ্চলিক পঞ্চায়তে বাকীখিনি খৰচ কৰিব পাৰিব ৷

ইপিনে কলেজ শিক্ষকৰ CPF ঘূৰাই দিলে পেঞ্চন পাব বুলি সোমবাৰৰ বৈঠকত সিদ্ধান্ত লোৱা হয় ৷



উল্লেখ যোগ্য যে কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া ল’ক ডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল-কলেজ ৷ অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান ৷ এনে পৰিপ্ৰেক্ষিতত সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে ৷ এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ হৈ ক'লে- “সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শিক্ষাবৰ্ষ পহিলা এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ'ব ৷”

সোমবাৰৰ বৈঠকত কোভিড১৯, বানপানীৰ দায়িত্ব যেনেদৰে মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে দিছে, সেই নিৰ্দেশ সকলোৱে পালন কৰিব বুলি জনাই মন্ত্ৰী পাটোৱাৰীয়ে।

সাম্প্ৰতিক বান সমস্যা আৰু গৰাখহনীয়াক লৈ বিস্তৃত আলোচনা মন্ত্ৰী পৰিষদৰ বৈঠকত কৰা হয় ৷ “বনবিধ্বস্ত লোকক সকলো সা-সুবিধা দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ পশুৰ খাদ্য সামগ্ৰী যোগানৰ নিৰ্দেশ ৷ খাদ্য সামগ্ৰী, চিকিৎসা সেৱা দিবলৈ নিৰ্দেশ দিছে।

ইপিনে ল’ক ডাউন ঘোষণা কৰাৰ লগে লগে ব্যৱসায়ীয়ে সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ প্ৰসংগতো সোমবাৰৰ বৈঠকত আলোচনা হয় ৷ এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে ৷ ইতিমধ্যে তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে ৷”
First published: June 29, 2020, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading