অসমত হ’ব নেকি সুৰাৰ Home Delivery? ল’ক ডাউনৰ সময়ত চৰকাৰে লাভ কৰিলে ১০০ কোটিৰ ৰাজহ

ৰাজ্যৰ আবকাৰী বিভাগে বন্ধ কৰা নাই সুৰাৰ বিপণী
ৰাজ্যৰ আবকাৰী বিভাগে বন্ধ কৰা নাই সুৰাৰ বিপণী
- News18 Assam
- Last Updated: May 10, 2020, 2:16 PM IST
শুনানি গ্ৰহণ কৰি ন্যায়ধীশ অশোক ভূষণৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহক সুৰাৰ Home Deliveryৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পিছতে অসমতো সুৰা ঘৰতে যোগান ধৰাৰ গুণা-গঁথা চলিছে। আনকি জ’মেটোৰ সৈতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে চুক্তি কৰা বুলিও বহুতে মন্তব্য কৰিছিল। কিন্তু তাৰ মাজতে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্যই দিলে স্পষ্টীকৰণ। মন্ত্ৰীগৰাকীয়ে কয় যে, ‘বাৰ সমূহ খোলাক লৈ হোৱা নাই এই পৰ্যন্ত সিদ্ধান্ত। জমেট'ৰ লগত কোনো ধৰণৰ হোৱা নাই চুক্তি। সুৰাৰ হোম ডেলিভাৰীৰ কথা এতিয়ালৈকে ভৱা নাই।’
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে,‘ ল’ক ডাউনৰ সময়ত ৰাজ্য চৰকাৰে লাভ কৰিছে ১০০কোটিৰ ৰাজহ। ভেটৰ সৈতে মিলাই সুৰাৰ পৰা লাভ কৰিছে এই ৰাজহ। লক ডাউনৰ সময়ত যি কেইদিন সুৰাৰ বিপনী খোলা হৈছিল সেই সময়তে চৰকাৰে লাভ কৰিছে এই বৃহৎ সংখ্যক ৰাজহ।’