শিক্ষিত নিবনুৱাৰ বাবে আশাৰ খবৰ! ৰাজ্য চৰকাৰ সাজু হৈছে খালী হৈ থকা ৪,৭১৬টা পদ পূৰণ কৰিবলৈ

News18 Assam | News18-Assam
Updated:November 20, 2020, 9:50 PM IST
শিক্ষিত নিবনুৱাৰ বাবে আশাৰ খবৰ! ৰাজ্য চৰকাৰ সাজু হৈছে খালী হৈ থকা ৪,৭১৬টা পদ পূৰণ কৰিবলৈ
Source-Google

সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে এতিয়া ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ সমূহ পূৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

  • Share this:
সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে এতিয়া ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ সমূহ পূৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ৰাজ্যৰ মুখ্য সচিবে ৰাজ্যৰ ১৮টা বিভাগলৈ খালী হৈ থকা পদৰ সবিশেষ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

খবৰ অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গত সৰ্বমুঠ ৪,৭১৬টা পদ খালী হৈ আছে বিভিন্ন বিভাগত। ইয়াৰে ভিতৰত তৃতীয় শ্ৰেণীৰ ১৭০ টা, চতুৰ্থ শ্ৰেণীৰ ১৭২ টা পদ খালী  হৈ আছ। কিন্তু এইখিনি নতুনকৈ সৃষ্টি কৰা পদ নহয়।

কোন বিভাগত কিমান আছে খালী পদ?

বিভাগ খালী পদ
ক্ৰীড়া আৰু যুৱ কল্যান বিভাগ ৩৪২
জিএমডিএ ৫২
গুৱাহাটী উন্নয়ন বিভাগ ৯৬
গুৱাহাটী পৌৰ নিগম ৫৮
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ ১০০৪
কৰ্পৰেছন বিভাগ ১৭৪
পৰিবেশ আৰু বন বিভাগ ১০৮১
ট্ৰেনছফ’ৰমেছন আৰু ডেভলপমেন্ট বিভাগ ২৯৭
পৰিবহন বিভাগ ২২৫

স্কিল, এমপ্লয়মেন্ট আৰু এন্টাৰপিনিয়ৰশ্বিপ ৫০০
উদ্যোগ আৰু বানিজ্য বিভাগ ১৩১
আৱকাৰী বিভাগ ২৩৯
উচ্চ শিক্ষা বিভাগত ১৫
প্ৰিন্টিং এণ্ড ষ্টেচনাৰী
তথ্য আৰু জনসংযোগ বিভাগ
সমাজ কল্যান বিভাগ ১৩৮
ভূমি সংৰক্ষণ বিভাগ ১৪৭
অন্যান্য পিছপৰা আৰু ভৈয়াম জনজাতি কল্যান বিভাগ ১৩০
পৰ্যটন বিভাগ ৩০

নিৰ্বাচনৰ পূৰ্বে এতিয়া এই পদ সমূহ পূৰণৰ তালিকা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে বিভিন্ন চৰকাৰী বিভাগে। ইফালে ‍বিভিন্ন পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। কিন্তু এতিয়া লক্ষণীয় হ’ব যে, সঁচাকৈ ৰাজ্য চৰকাৰে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰিব নেকি এই সমূহ পদ?
Published by: Himangshu Bhuyan
First published: November 20, 2020, 9:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading