
২০১৯ চনতে উচ্চতম ন্যায়ালয়ে এই দণ্ডিসমূহত অন্তৰ্ভুক্ত ব্যক্তিগত ভূমিতো নিৰ্মাণকাৰ্য নিষিদ্ধ কৰিছিল।
২০১৯ চনতে উচ্চতম ন্যায়ালয়ে এই দণ্ডিসমূহত অন্তৰ্ভুক্ত ব্যক্তিগত ভূমিতো নিৰ্মাণকাৰ্য নিষিদ্ধ কৰিছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জন্তুৰ দণ্ডিত অবৈধ নিৰ্মাণকাৰ্য আৰু ভূমি বেদখল বন্ধ কৰিব পৰা নাই অসম চৰকৰে। এই অভিযোগ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ। ১৩০০ কিলোমিটাৰ এলেকাত বিস্তৃত UNESCOৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙাৰ ৯ স্থানক দণ্ডি হিচাপে চিহ্নিত কৰা হৈছে। তাৰে ৭টা ক্ৰমে আমগুৰি, বাগৰি, চিৰাং, দেউচুৰ, হাৰমতি, হাতীদণ্ডি আৰু কাঞ্চনজুৰী নগাঁও জিলাত। আনহাতে, হালদিবাৰী আৰু পাণবাৰী সমীপৰ গোলাঘাট জিলাত। উল্লেখযোগ্য যে যোৱা ৪ এপ্ৰিলতে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া এখন উচ্চস্তৰীয় কমিটীয়ে এই দণ্ডিসমূহত চলি থকা বেদখল আৰু অবৈধ নিৰ্মাণ উৎখাত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছিল
২০১৯ চনতে উচ্চতম ন্যায়ালয়ে এই দণ্ডিসমূহত অন্তৰ্ভুক্ত ব্যক্তিগত ভূমিতো নিৰ্মাণকাৰ্য নিষিদ্ধ কৰিছিল। বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু এই দণ্ডিয়েদি নিৰাপদ স্থানলৈ যায়। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ‘দ্য হিন্দু’ৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা মতে, উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিখনে ৰাজ্য চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি নিৰ্মাণৰ অনুমতি দিয়া বিষয়াৰো তালিকা বিচাৰিছিল। কিন্তু অসম চৰকাৰে সমতিখনক সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|