দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপস্থিত মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মোহন, ৰঞ্জিৎ দত্ত, নৱ দলে, পীয়ুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্তকে ধৰি ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী ৷
বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা বান গৰাখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে পাব ৫ লাখ টকা পৰ্যন্ত সাহায্য। ঘৰৰ ক্ষতিগ্ৰস্ত হ’লে লাভ কৰিব ১.৫ লাখ। আনহাতে খেতি মাটি নষ্ট হ’লে পাব ১ লাখ টকা। ইফালে চাহ বাগিচাত চলি থকা আঁচনি চোৱাৰ বাবে PMU গঠন কৰাৰ সিদ্ধান্ত কৰাল হৈছে কেবিনেট বৈঠকত।
সিদ্ধনা্ত অনুসৰি, এতিয়াৰ পৰা মিৰিৰ ঠাইত হ'ব মিচিং জনগোষ্ঠী। মাইক্ৰ ফাইনেঞ্চিয়েল অনুষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন হ'ব, RBIৰ নীতি-নিৰ্দেশনাৰ জড়িয়তে নিয়ন্ত্ৰণ কৰা হ'ব। অগৰৰ খেতিৰ বাবে নতুন পলিচি গ্ৰহণ কৰিছে, এই ব্যৱসায়ীত এতিয়াৰে পৰা নাথাকিব কোনো মধ্যভোগী, উপকৃত হ'ব খেতিয়কসকল।
আনহাতে মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে থাকিব বিশেষ আইন। আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰিব ৰাজ্য চৰকাৰে। এই কথা সংবাদমাধ্যমক জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|