உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মে'ৰ ভিতৰত শিক্ষা বিভাগত নিযুক্তি প্ৰক্ৰিয়া, কৃষকে কিদৰে ধান বিক্ৰী কৰিব লাগিব? Cabinet Meetingৰ Top 5 সিদ্ধান্ত...

    মে'ৰ ভিতৰত শিক্ষা বিভাগত নিযুক্তি প্ৰক্ৰিয়া, কৃষকে কিদৰে ধান বিক্ৰী কৰিব লাগিব? Cabinet Meetingৰ Top 5 সিদ্ধান্ত...

    প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    • Share this:
    প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    • এইবাৰ কৃষকে ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়মৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে।  এজন কৃষকে ৫০ মেট্ৰিক টনতকৈ বেছি ধান বিক্ৰী কৰিব নোৱাৰিব ৷ দহ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকে ধান কিনিবলৈ ৰাজহ বিভাগৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব ৷ গাঁৱপ্ৰধানে দিব চাৰ্টিফিকেট ৷ সহজলভ্য কৰা হ'ব তিনিপ্ৰকাৰৰ চাৰ্টিফিকেট ৷ FCIয়ে কৃষকৰ পৰা ধান কিনিবলৈ হ'লে কৃষকক চাৰ্টিফিকেটৰ প্ৰয়োজন হয়৷ জিলা উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়াই গাঁৱপ্ৰধানেক ঠিক কৰি দিব ৷ ১৬ জানুৱাৰীত আয়োজন হ'ব গাঁৱসভা ৷

    • বজালী জিলাত জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷ পাঁচখন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷

    • উৰুকাৰ নিশা কাৰ্ফিউ এঘাৰ বজাৰ পৰা আৰম্ভ হ'ব ৷ কাইলৈ ৰাতিপুৱা চাৰি বজাত কাৰ্ফিউ খুলিব ৷ ৰাইজে ভোগালীৰ বজাৰ কৰিব পাৰিব ৷ কাইলৈ নিশা কাৰ্ফিউ আৰম্ভ হ'ব ১১ বজাত ৷

    • কলেজত ৭৪৩টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত ৷ ২০৩টা তৃতীয় বৰ্গ আৰু ৫২৪ টা চৰ্তুথ বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত ৷ মে'ৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব ৷

    • ২৪ জানুৱাৰীত অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব ৷ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব ৷

    • সদভাৱনা প্ৰজেক্ট এক ফ্ৰেব্ৰুৱাৰীৰ পৰা চলিব ৷ জনতা ভৱনত পেণ্ডিং ফাইলসমূহ দহ মে'ৰ ভিতৰত নিস্পত্তি কৰা হ'ব ৷ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়াসকলে পেণ্ডিং ফাইলসমূহ নিস্পত্তি কৰিব ৷ ইয়াৰ প্ৰস্তুতিৰ বাবে ১৭ জানুৱাৰীত কলাক্ষেত্ৰত সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক লৈ খচৰা প্ৰস্তুত কৰিব ৷

    • কেবিনেট বৈঠকত  Assam Youth Commissionক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ জৰিয়তে বিভিন্ন বেচৰকাৰী নিযুক্তিত থলুৱাই পাইছে নে চাব পৰা যাব ৷ বিদেশত থকা NRIসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব ৷ মেডিকেল, ইঞ্জিনিয়াৰিংত পঢ়াশুনা কৰিবলৈ যিখিনি কৰ্ছিংৰ প্ৰয়োজন হ'ব, তাৰ বাবে কাম কৰিব ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাত সহায় কৰিব ৷

    Published by:Himangshu Bhuyan
    First published: