உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Government Cabinet Decisions: অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব কৰ্মচাৰীয়ে, কোভিড যুদ্ধালৈ সাহায্য, লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    Assam Government Cabinet Decisions: অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব কৰ্মচাৰীয়ে, কোভিড যুদ্ধালৈ সাহায্য, লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    file image

    file image

    বৈঠকৰ শেষত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে।

    • Share this:
    আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ শেষত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে।

    •  শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ কঢ়িয়ালে আজিৰ কেবিনেট বৈঠকে ৷ শিক্ষক-কৰ্মচাৰীয়ে অৱসৰগ্ৰহণৰ পিছদিনাই পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা হ'ব। অৱসৰ গ্ৰহণৰ পূৰ্বে কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব ৷ আজিৰ কেবিনেটে এই ব্যৱস্থাত অনুমোদন দিছে ৷ পোনপটীয়াকৈ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ ইয়াৰ বাবে এমট্ৰনে প্ৰতি জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিব।

    • পেঞ্চনাৰসকলে এক লাখৰ পৰা তিনি লাখলৈ withdrawal কৰাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ বাবে চাৰিজন অতিৰিক্ত সঞ্চালক নিযুক্তি দিয়া হ'ব ৷ পূৰ্বে পেঞ্চনাৰসকল জীৱিত হয়নে নহয় প্ৰতিবছৰে বেংকলৈ গৈ প্ৰমাণপত্ৰ দিব লাগিছিল ৷ এতিয়াৰে পৰা পেঞ্চনাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব এই কাম ৷

    • ধান ক্ৰয় কৰাৰ বাবে কেবিনেটে ১৬০ কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত।

    • লাভলীনা বৰগোহাঁইক DSP (প্ৰবেশ্বনাৰ) পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন ৷

    • Dy Rangerসকলক ড্ৰেছ দিয়াৰ সিদ্ধান্ত ৷  ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটি ৰেঞ্জাৰ লৈ পোছাক দিয়াৰ সিদ্ধান্ত।

    • এতিয়ালৈকে ৰাজ্যত দুই কোটি কোভিড ভেকচিন দিয়া হৈছে ৷ কোৰোণাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰছ সকলক দুই হাজাৰকৈ উদঙনি টকা দিয়াৰ সিদ্ধান্ত ৷ অংগনবাড়ী কৰ্মচাৰীসকলোকো ৫০০ টকাকৈ দিয়া হ'ব ৷

    Published by:Himangshu Bhuyan
    First published: