জনতা ভৱনত কেবিনেটৰ অন্তত মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল আৰম্ভ।
জনতা ভৱনত কেবিনেটৰ অন্তত মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল আৰম্ভ।
শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ বৈঠকতো লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ শেষত জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰিঃ
- চৰকাৰী কৰ্মচাৰীৰ আপোন ঘৰৰ পৰা ৩১,৯৯৬জন কৰ্মচাৰীয়ে ঋণ লাভ কৰিছে। ১৩০কোটি ৬৪লাখ টকা অপোন ঘৰৰ বাবে আজি কেবিনেটত মুকলি কৰা হৈছে।
- অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি অংগনবাড়ী কৰ্মীয়ে ৬০বছৰত অৱসৰ ল'ব লাগিব।
- অংগনবাড়ী কৰ্মীয়ে অৱসৰ সময়ত ৪ লাখ টকা আৰু সহায়িকাই ৩ লাখ আৰু মিনি অংগনবাড়ী কৰ্মীয়ে ২ লাখ টকা পাব।
- মহিলা আয়োগৰ অধ্যক্ষক ৫০ হাজাৰ টকা পৰিতোষিক দিয়া হ'ব ৷ উপাধ্যক্ষক ৪০হাজাৰ টকা আৰু প্ৰত্যকজন সদস্যক ৩৫হাজাৰ টকাকৈ দিয়া হ'ব ৷
- একোখনকৈ নতুন গাড়ী আৰু ড্ৰাইভাৰক দিয়া হ'ব ৯ হাজাৰকৈ টকা।
- লামডিঙত উচ্ছেদ হোৱা হাজং আৰু চাকমা সকলৰ ১৯৬টা কৈ পৰিয়ালক আঢ়ৈ কঠা কৈ মাটি দিয়া হ'ব।
- ৰমাকান্ত দেউৰী, বিদ্যচিং ইংলেং, প্ৰশান্ত ফুকন আৰু বলিন চেতিয়ালৈ কেবিনেট মৰ্যাদা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|