মুখ্যপৃষ্ঠা »খবৰ »অসম »কেবিনেট বৈঠকত যোৰহাটবাসীলৈ কি কি আগবঢ়ালে ৰাজ্য চৰকাৰে? জানো আহক

কেবিনেট বৈঠকত যোৰহাটবাসীলৈ কি কি আগবঢ়ালে ৰাজ্য চৰকাৰে? জানো আহক

এই বৈঠকক বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ উপৰিও যোৰহাট চহৰৰ উন্নয়নৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

এই বৈঠকক বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ উপৰিও যোৰহাট চহৰৰ উন্নয়নৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

  • Share this:
যোৰহাটত ১৫ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠক আয়োজন হয়। এই বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৮৫৭ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবিনেট বৈঠক পাতি নগৰ–অঞ্চল উন্নত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এইবাৰ যোৰহাটত আয়োজন কৰা হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকক বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ উপৰিও যোৰহাট চহৰৰ উন্নয়নৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত জিলাখনৰ বিভিন্ন দিশৰ উন্নয়নৰ লগতে সৰ্বসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। পথ আন্তঃগাঁথনিৰ উন্নয়ন, স্বাস্থ্য আৰু শিক্ষা, পানী যোগান তথা অন্যান্য আন্তঃগাঁথনিমূলক প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহ এনেধৰণৰ-

যোৰহাটৰ বিশেষ নিৰ্ধাৰিত প্ৰকল্প আৰু পুঁজি

পথ আৰু সেতু–

বৰুৱা চাৰিআলি আৰু ভোগদৈ দলং সংযোগী উৰণ সেতু

এজাৰণিঘাটত ভোগদৈ নৈৰ ওপৰত দলং

টীয়কৰ জাঁজীমুখত দলং

অসম মালা প্রকল্পত নকছাৰিৰ পৰা কাকডোঙা দলঙলৈ ধোদৰ আলিৰ অন্তৰ্ভুক্তকৰণ বৰহোলা-কে বি ৰোডক ৰাষ্ট্ৰীয় ঘাইপথৰ সমপৰ্যায়ত উন্নীতকৰণ

ব্ৰিটিছ যুগৰ ক্লাব ৰোডৰ বহলকৰণ আৰু সংৰক্ষণ: ২০ কোটি টকা

ললিতিত ব্ৰহ্মপুত্ৰৰ মথাউৰি: ৯ কোটি টকা

স্বাস্থ্য আৰু শিক্ষা

যোৰহাট চিকিৎসা মহাবিদ্যালয়: ১২২ কোটি টকা

মৰিয়নিত ১০০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়

চেলেংহাট আৰু দেৰগাঁৱত ২খন চৰকাৰী মহাবিদ্যালয়

পানী যোগান

যোৰহাট চহৰত জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী যোগান আঁচনিৰ উন্নীতকৰণ : ১০০ কোটি টকা

অন্যান্য আন্ত:গাঁথনি–

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ আধুনিকীকৰণ : ১০ কোটি টাকা

চ'ক বজাৰ ভৱন নির্মাণ : ৫০ কোটি টকা

সন্মিলন কেন্দ্র- যোৰহাট : ১৫ কোটি টকা

শেহতীয়া বাতৰি