মুখ্যপৃষ্ঠা »খবৰ »অসম »যোৰহাটত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ

যোৰহাটত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত নাগৰিক উপযোগিতা সেৱা যেনে—স্ট্রীট লাইটৰ চোৱাচিতা, পথ আৰু উপ-পথসমূহৰ চোৱাচিতা, আৱৰ্জনা সংগ্ৰহ আদিৰ বাবে গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড স্থাপন কৰাৰ সিদ্ধান্ত

গুৱাহাটীত নাগৰিক উপযোগিতা সেৱা যেনে—স্ট্রীট লাইটৰ চোৱাচিতা, পথ আৰু উপ-পথসমূহৰ চোৱাচিতা, আৱৰ্জনা সংগ্ৰহ আদিৰ বাবে গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড স্থাপন কৰাৰ সিদ্ধান্ত

  • Share this:
যোৰহাটত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৃহস্পতিবাৰ অৰ্থাৎ ১৫ ডিচেম্বৰত হৈ যোৱা কেবিনেট বৈঠকত ৮৫৭ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে।

যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা ১০ টা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনেধৰণৰ–

১) মুখ্যমন্ত্ৰীৰ যুৱ পেছাদাৰী কাৰ্যসূচী (জিলা প্ৰশাসনৰ সৈতে কাম কৰিবলৈ সমাজৰ তৃণমূল পৰ্যায়ত ভিন্ন ক্ষেত্ৰৰ যুৱ পেছাদাৰীসকলক ২ বছৰৰ বাবে নিয়োগ কৰা)ৰ অধীনত অসমৰ ৩৫খন জিলাৰ প্ৰতিখন জিলাত ২ গৰাকীকৈ যুৱ পেছাদাৰীক শিক্ষা, স্বাস্থ্য আৰু মহিলা আৰু শিশু উন্নয়ন ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদানৰ হেতু নিয়োজিত কৰা হ'ব।

২) যুৱ পেছাদাৰীসকলক নিয়োজিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ যুৱ পেছাদাৰী কাৰ্যসূচীত ৩ বছৰৰ আনুমানিক বাজেট ২৩২.২২ কোটি টকা।

৩) ৰাজগড় ৰোডৰ দিশত ২-লেন সম্প্রসাৰণেৰে দীঘলীপুখুৰীৰ ওচৰৰ পৰা নুনমাটি এফ চি আই গুদামলৈ জি এন বি ৰোডত ৪-লেনযুক্ত এলিভেটেড কৰিড'ৰ নিৰ্মাণ কৰা হ’ব। এই নিৰ্মাণ  সম্পূৰ্ণকৰণৰ নিৰ্ধাৰিত সময়সীমা ৩ বছৰ বুলিও উল্লেখ।

৪) অসম চিনেমা (নিয়ন্ত্রণ) (সংশোধনী) আইন, ২০০৫ উলংঘনৰ বাবে বৰ্তমানৰ জৰিমনা ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ পুনৰ নিৰ্ধাৰণ কৰাত অনুমোদন।

৫) গুৱাহাটীত নাগৰিক উপযোগিতা সেৱা যেনে—স্ট্রীট লাইটৰ চোৱাচিতা, পথ আৰু উপ-পথসমূহৰ চোৱাচিতা, আৱৰ্জনা সংগ্ৰহ আদিৰ বাবে গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড স্থাপন কৰাৰ সিদ্ধান্ত।

৬) এগ্রিগেটৰসকলক মটৰচাইকেল টেক্সি একত্ৰীকৰণৰ অনুমতি প্ৰদান (অনা-পৰিবহণ মটৰচাইকেলসহ),  অসমত এনে এগ্রিগেটৰৰ দ্বাৰা পৰিচালিত ব্যৱসায়ৰ নিয়ন্ত্রণ আৰু বাহন পুলিং ব্যৱস্থাক উৎসাহিত কৰি চহৰখনত অংশীদাৰী গতিশীলতা বৃদ্ধি কৰা আদিৰে আছাম মটৰ ভেহিকেল এগ্রিগেটৰ ৰুলছ, ২০২২ৰ প্ৰৱৰ্তন

৭) গোচৰ প্ৰক্ৰিয়াৰ মসৃণতাৰ বাবে এগৰাকী অভিযোজন সঞ্চালক আৰু অভিযোজন উপ-সঞ্চালকেৰে অভিযোজন সঞ্চালকালয় স্থাপন। ই ৰাজহুৱা অধিবক্তা, অতিৰিক্ত ৰাজহুৱা অধিবক্তা, বিশেষ ৰাজহুৱা অধিবক্তা আৰু সহকাৰী ৰাজহুৱা অধিবক্তাৰ কাম-কাজসমূহ সুশৃংখলিত কৰাৰ লগতে গোচৰৰ সময়ত ত্রুটিসমূহ হ্ৰাস কৰিব।

৮) অপৰাধী ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ শক্তিশালীকৰণৰ উদ্দেশ্যেৰে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা (অসম সংশোধনী) বিধেয়ক, ২০২২ বিধানসভাত উত্থাপন।

৯) অপৰাধী ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ শক্তিশালীকৰণে অভিযোজন সঞ্চালকালয় স্থাপনৰ লগতে প্ৰছিকিউটৰৰ কেডাৰ অর্থাৎ ৰাজহুৱা অধিবক্তা, অতিৰিক্ত ৰাজহুৱা অধিবক্তা, বিশেষ ৰাজহুৱা অধিবক্তা আৰু সহকাৰী ৰাজহুৱা অধিবক্তা সম্পৰ্কীয় কিছুমান ব্যৱস্থা সংশোধন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব।

১০) শক্তি খণ্ডৰ উন্নয়নৰ লক্ষ্যৰে Central Electricity Regulatory Commission T&C of Tariff 2019-ৰ নিয়মাবলী ৬৬ অনুসৰি পাৰস্পৰিক সন্মত মীমাংসা শুল্কত নেভেলি উত্তৰ প্ৰদেশ পাৱাৰ লিমিটেডৰ পৰা অতিৰিক্ত ২০৬ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ সিদ্ধান্ত।

শেহতীয়া বাতৰি