உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Government Cabinet meeting: 'এনে পৰিবেশত মেট্ৰিক, HS পৰীক্ষা পাতিব নোৱাৰি'- পৰামৰ্শ দিলে ৰাজ্যিক কেবিনেটে

    Assam Government Cabinet meeting: 'এনে পৰিবেশত মেট্ৰিক, HS পৰীক্ষা পাতিব নোৱাৰি'- পৰামৰ্শ দিলে ৰাজ্যিক কেবিনেটে

    photo- twitter

    photo- twitter

    ৰাজ্যত অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা? বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সন্দৰ্ভত বহুসময় ধৰি আলোচনা কৰা হয়।

    • Share this:
    ৰাজ্যত অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা? বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সন্দৰ্ভত বহুসময় ধৰি আলোচনা কৰা হয়। আৰু আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে, বৰ্তমাৰ পৰিস্থিতিত পৰীক্ষা পাতিব পৰা নাযায়। কিন্তু এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাৰ সন্দৰ্ভত অহা ১৮ জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ যায়।

    কেশৱ মহন্তই লগতে কয় যে, 'মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ সন্দৰ্ভত আজিৰ কেবিনেটত বহু সময় আলোচনা হয় ৷ স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে কেবিনেটত ৷ ৪ লাখ ৪০ হাজাৰে মেট্ৰিক পৰীক্ষা দিব ৷ ২ লাখ ৫০ হাজাৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব ,তেওঁলোকৰ সৈতে অভিভাৱক আহিব ৷ ০-১৮ বছৰৰ কোভিড সংক্ৰমণত ১৪ শতাংশ আৰু ১১-১৮ বছৰলৈ ১০ শতাংশ আক্ৰান্ত হৈছে ৷ এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভৱ নহয়।'
    Published by:Himangshu Bhuyan
    First published: