আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহৰো আজিৰ দিনটোত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কি কি সিদ্ধান্ত লোৱা হল কেবিনেট বৈঠকত?
- সমবায়সমূহে প্ৰতিবছৰে পাঁচ লাখকৈ মঞ্জৰী পাব ৷ ১৬ জিলাত সমবায়সমূহে ট্ৰেন্সপৰ্টেচনৰ সুবিধা পাব।
- পদ্ম হাজৰিকাৰ অধ্যক্ষতাত ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা মাটিত খেতি কৰাৰ বাবে যি দায়িত্ব দিয়া হৈছিল, তেওঁ আজিৰ পৰা কেবিনেট মৰ্যাদা পাব ৷ গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে তেওঁ আন দায়িত্ব পাব।
- মোবাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত ৷ যাতে কোনো অঞ্চলৰ ছাত্ৰছাত্ৰীয়ে নেটৱৰ্ক পাই ৷ আৰু অনলাইন ক্লাছ কৰিব পাৰে।
- কেবিনেটত লোৱা সিদ্ধান্ত বোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছেনে নাই তাক পৰ্যালোচনা কৰিব তিনিজনীয়া মন্ত্ৰীৰ কমিটী গঠন। কমিটীত থাকিব চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডা° ৰণোজ পেগু ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|