যোৱা ৭ জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই এখন সংবাদমেল যোগে ঘোষণা কৰে।
একচনীয়া অথবা চৰকাৰী আবণ্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহায্য লাভ কৰিব | কিন্তু ইয়াৰ বাবে সেই লোক সকল প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰা হব।
এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ (Department of Pension and Public Grievances) আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ (Department of Administrative Reforms and Training)ক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷