• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Government Cabinet Meeting: কৰম পূজা উপলক্ষ্যে কাইলৈ ৰাজ্যিক বন্ধ ঘোষণা, এইসকল চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিকলৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, জানক সবিশেষ

Assam Government Cabinet Meeting: কৰম পূজা উপলক্ষ্যে কাইলৈ ৰাজ্যিক বন্ধ ঘোষণা, এইসকল চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিকলৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, জানক সবিশেষ

file image

file image

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু আৰু পৰিমল শুক্লবৈদ্যই। 

  • Share this:
আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকত আজি শিক্ষা, স্বাস্থ্য, গড়কাপ্তানী বিভাগৰ কেতবোৰ গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু আৰু পৰিমল শুক্লবৈদ্যই।

পৰিমল শুক্লবৈদ্যই কি ক'লেঃ

গড়ৰ প্ৰাকৃতিকগতভাৱে মৃত্যু হ'লে গড়ৰ খৰ্গবোৰ ট্ৰেজাৰীত জমা ৰখা হয় ৷ বৰ্তমান ২৬২৩ খৰ্গ ট্ৰেজাৰীত জমা আছে। ৫০ টা গোচৰ চলি আছে ৷ ২৪৭৯টা নষ্ট কৰা হৈছে ৷ Natural History of Museum নিৰ্মাণ কৰি ৯৪টা খৰ্গ ৰখা হ'ব ৷ গোচৰ চলি থকা ৬০টাও ৰখা হ'ব।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্থই কৰে বহু গুৰুত্বপূৰ্ণ ঘোষণাঃ

  • প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা ২০১৭ৰ পৰা অসমত চলি আছে ৷ ৰাজ্য চৰকাৰে বীমাৰ প্ৰিমীয়ামৰ ধন মুকলি কৰিব ৷ ৩:৫% ৰাজ্য চৰকাৰে দিব ৷ ৩৭৯ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।

  • GMCৰ ঠেলা, ৰিক্সা, ই-ৰিক্সাৰ বাবে লাইসেন্সৰ ব্যৱস্থা কৰা হ'ব ৷ অনলাইন লাইসেন্স ল'ব পাৰিব।

  • বাগিছাৰ কৰম পূজাৰ বন্ধ কাইলৈ দিনটো বন্ধ থাকিব ৷ এয়া ৰাজ্যিক বন্ধৰ দিন ৷ এইটো এই বছৰৰ বাবে ৷ পৰৱৰ্তী সময়ত বাকী সিদ্ধান্ত হ'ব।

  • স্বাস্থ্য আৰু শিক্ষাৰ বিল্ডিং নিৰ্মাণৰ কাম PWDয়ে কৰি আহিছিল ৷ আজি সিদ্ধান্ত লোৱা হয় যে, স্বাস্থ্য আৰু শিক্ষাৰ নিৰ্মাণৰ বাবে Chief Engineer PWD(Health & Education)ৰ পদ সৃষ্টি কৰা হৈছে ৷

  • পদোন্নতিৰ ক্ষেত্ৰত কৃষি বিভাগত dy director, joint director এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদোন্নতি পোৱাৰ যোগ্য হ'ব।


শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণাঃ

  • অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান।

  • ৩০জন ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰোৱা হ'ব ৷ ছাত্ৰছাত্ৰী বেছি হ'লে শাখাত ভগাই পাঠদান কৰা হ'ব ৷ তাৰ আগতে ছেনিটাইজ কৰা হ'ব।

  • পৰ্যায় ক্ৰমে বাকী শ্ৰেণীবোৰৰো পাঠদান আৰম্ভ হ'ব।

Published by:Himangshu Bhuyan
First published: