• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Meeting: বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাই নিযুক্তি পাইছেনে নাই জানিবলৈ ৰাজ্য চৰকাৰৰ বৃহত্‍ পদক্ষেপ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দিলে বহু ভালখবৰ!

Cabinet Meeting: বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাই নিযুক্তি পাইছেনে নাই জানিবলৈ ৰাজ্য চৰকাৰৰ বৃহত্‍ পদক্ষেপ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দিলে বহু ভালখবৰ!

বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। এইবাৰৰ কেবিনেটতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। এইবাৰৰ কেবিনেটতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। এইবাৰৰ কেবিনেটতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • Share this:
বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। এইবাৰৰ কেবিনেটতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পৰা ধান ক্ৰয়লৈকে বহুক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মন্ত্ৰী ৰণজিত দাস, অতুল বৰা আৰু কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে।

আজিৰ কেবিনেটত কি কি সিদ্ধান্ত লোৱা হ'লঃ

  • কেবিনেট বৈঠকত  Assam Youth Commissionক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ জৰিয়তে বিভিন্ন বেচৰকাৰী নিযুক্তিত থলুৱাই পাইছে নে চাব পৰা যাব ৷ বিদেশত থকা NRIসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব ৷ মেডিকেল, ইঞ্জিনিয়াৰিংত পঢ়াশুনা কৰিবলৈ যিখিনি কৰ্ছিংৰ প্ৰয়োজন হ'ব, তাৰ বাবে কাম কৰিব ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাত সহায় কৰিব ৷

  • ২৪ জানুৱাৰীত অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব ৷ ২৪ জানুৱাৰীৰ আবেলি তিনি বজাত ৷ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব ৷

  • কলেজত ৭৪৩টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত ৷ ২০৩টা তৃতীয় বৰ্গ আৰু ৫২৪ টা চৰ্তুথ বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত ৷ মে'ৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব ৷

  • এইবাৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন বেলট পেপাৰৰ সলনি EVM ব্যৱহাৰ কৰা হ'ব।

  • বজালী জিলাত জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷ পাঁচখন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷

  • অসম চৰকাৰে এইবাৰ সুপৰিকল্পিত ভাৱে ধান কিনাৰ পৰিকল্পনা কৰিছে ৷ ৮০ লাখ টন ধান উৎপাদন হয় অসমত ৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত লাগিলে আৰু দহ লাখ মেট্ৰিক টন ধান কিনিব চৰকাৰে ৷ কৃষকে কেনেকৈ ধান বিক্ৰী কৰিব সেই লৈ গাঁৱসভা আয়োজন কৰা হ'ব ১৬ জানুৱাৰীৰ পৰা।

  • দহ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকে ধান কিনিবলৈ ৰাজহ বিভাগৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব ৷ গাঁৱপ্ৰধানে দিব চাৰ্টিফিকেট ৷ সহজলভ্য কৰা হ'ব তিনিপ্ৰকাৰৰ চাৰ্টিফিকেট ৷ FCIয়ে কৃষকৰ পৰা ধান কিনিবলৈ হ'লে কৃষকক চাৰ্টিফিকেটৰ প্ৰয়োজন হয় ৷

Published by:Himangshu Bhuyan
First published: