আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহঃ
কাজিৰঙাৰ নিৰ্দিষ্ট স্থানত ইকো চেনচেটিভ জ'ন ঘোষণা ৷ ইকো চেনচেটিভ জ'নৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধত নাথাকিব কোনো নিৰ্মাণ কাৰ্য্য ৷ জনসাধাৰণৰ সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইকো চেনচেটিভ জ'ন ৷
ইয়াৰোপৰি কাজিৰঙাৰ ইকো চেনচেটিভ জ'নৰ অধীনত ৭ টা সুৰক্ষিত স্থান ঘোষণা ৷ ইয়াৰ ভিতৰত KNP টাইগাৰ ৰিজাৰ্ভ, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য , লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্য প্ৰাণী অভয়াৰণ্য, নামবৰ দৈগ্ৰুং বন্য প্ৰাণী অভয়াৰণ্য, পূৱ কাৰ্বি আংলং বন্য প্ৰাণী অভয়াৰণ্য, আৰু উত্তৰ কাৰ্বি আংলং বন্য প্ৰাণী অভয়াৰণ্য সুৰক্ষিত স্থান ঘোষণা ৷
লগতে ৰাজ্যৰ ১১ টা স্থানক সংৰক্ষিত বনাঞ্চল ঘোষণা ৷ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত - হাইপাহাৰ DC , কলোনি , বাগচেৰ, কামাখ্যা পাহাৰ, কুকৰাকাটা, ভুমাৰাগুৰি, উত্তৰ ডিজু, দক্ষণি ডিজু, পানবাৰী সংৰক্ষিত বনাঞ্চল ৷
কাজিৰঙাৰ জীৱ জন্তুৰ গতি বিধিৰ ওপৰত নিৰ্ণয় কৰি পুনৰবাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য খনত ৯টা এনিমেল কোৰিডৰ স্থান ঘোষণা ৷
ৰাজ্যৰ দুই কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয় উদ্যোগ বিভাগৰ ৷ ইয়াৰ বাবে বাজেটত ধন আৱণ্টনৰ অনুমতি কেবিনেটৰ ৷
বুধবাৰৰ কেবিনেটৰ অন্যতম সিদ্ধান্ত হ'ল- অহা তিনি চাৰিমাহৰ ভিতৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব বকেয়া ৷