• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Government Cabinet Decisions: কাইলৈ নিযুক্তি দিয়া হ'ব গাৰ্জেণ্ট মিনিষ্টাৰ, লগতে আৰু বহু গুৰুত্বপূৰ্ণ ঘোষণা

Assam Government Cabinet Decisions: কাইলৈ নিযুক্তি দিয়া হ'ব গাৰ্জেণ্ট মিনিষ্টাৰ, লগতে আৰু বহু গুৰুত্বপূৰ্ণ ঘোষণা

বুধবাৰে অনুষ্ঠিত হ'ল অসম চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

বুধবাৰে অনুষ্ঠিত হ'ল অসম চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

বুধবাৰে অনুষ্ঠিত হ'ল অসম চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

  • Share this:
বুধবাৰে অনুষ্ঠিত হ'ল অসম চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বিতীয়খন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। শেহতীয়াকৈ মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণ কৰি কোৰোণা পৰিস্থিতিৰ বুজ লৈছিল। আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীৰ হাতত মন্ত্ৰীসকলে যুগুত কৰা কোৰোণা পৰিস্থিতিৰ প্ৰতিবেদন জমা দিছে বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধন্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে।

  • BTR, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ CEM-ই কেবিনেট ৰেক পাব ৷

  • কেবিনেটে আজি দেৱজিত শইকীয়াক এডভুকেট জেনেৰেল হিচাপে নিযুক্তি দিয়ে।

  • পূৰ্বে In charge Ministerৰ প্ৰক্ৰিয়া আছিল ৷ এতিয়াৰ পৰা গাৰ্জেন্ট মিনিষ্টাৰ হিচাপে কাম কৰাৰ সিদ্ধান্ত ৷ গাৰ্জেণ্ট মিনিষ্টাৰে সকলো খিনি কাম কৰিব ৷  কাইলৈ গাৰ্জেণ্ট মিনিষ্টাৰ নিযুক্তি দিব। জিলা হিচাপত দুই তিনিখনৰ মাজত এজনক গাৰ্জেণ্ট মিনিষ্টাৰ নিযুক্তি দিব।

  • অক্সিজেনৰ অভাৱৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে সিদ্ধান্ত লৈছে যে, অক্সিজেনৰ প্লাণ্ট কোনো লোকে বহুৱাব বিচাৰিলে, চৰকাৰে বিজুলী বিনামূলীয়াকৈ দিব ৷ বন্ধ হৈ থকা প্লাণ্টসমূহো পুনৰ চলাব বিচাৰিলে বিজুলী বিনামূলীয়াকৈ দিয়া হ'ব ৷ চলি থকা প্লাণ্টৰ সম্প্ৰসাৰণ কৰিব বিচাৰিলেও চৰকাৰে বিজুলী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • ব্লেক ফাংগাছৰ বিষয়টোকলৈ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা চলি আছে ৷ বিশেষজ্ঞৰ সৈতে আলোচনা কৰি থকা বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Published by:Himangshu Bhuyan
First published: