মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
নৱবৰ্ষৰ প্ৰথমদিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়ঃ
- PSO প্ৰত্যাহাৰ সিদ্ধান্ত আজিৰ কেবিনেটত ৷ সাংবিধানিক পদত থকাসকলেহে পাব PSO। PSO ষ্টেটাছ ছিম্বল নহয়। ৪২৪০জন লোকক দিয়া হৈছিল PSO। ৰাজনৈতিক নেতাৰ লগত আছে ২৫২৬ PSO। ৫২ জন প্ৰাক্তন বিদ্ৰোহীৰ লগত আছে PSO।
- মুখ্যমন্ত্ৰীৰ লগত থাকিব ২২ৰ পৰিৱৰ্তে ৬,৭খন গাড়ী। সেইদৰে নিৰাপত্তাজনিত সমস্যা নাথাকিলে নিৰাপত্তাৰক্ষী আৰু চৰকাৰী ঘৰ লাভ নকৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে।
- ২৫০০ নতুন প্ৰাথমিক বিদ্যালয় নিৰ্মাণ হ'ব।
- কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিড'ৰ হ'ব ৷ ছয় হাজাৰ কোটি টকাৰ প্ৰজেক্ট ৷
- মিছাৰ পৰা তেজপুৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ।
- মাইক্ৰফাইনেন্সত এঘাৰ লাখ মহিলা উপকৃত হৈছে প্ৰথম পৰ্যায়ত ৷ দ্বিতীয় পৰ্যায়ত দহ লাখ উপকৃত হ'ব।
- দহ লাখ মেট্ৰিক টন ধান কিনিবলৈ FCI সাজু হৈছে।
- ৭ জানুৱাৰীত NDDBৰে এক চুক্তি হ'ব।মৰিগাঁও আৰু মংগলদৈৰ সংযোগী দলং হ'ব ব্ৰহ্মপুত্ৰত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|