‘BTADৰ চাইনবোৰ্ডত অসমীয়া ভাষা থাকিবই লাগিব, অসমীয়া ভাষাতো দিব পাৰিব APSC পৰীক্ষা’- ৰাজ্যিক কেবিনেটত লোৱা হ’ল বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:October 7, 2020, 8:10 PM IST
‘BTADৰ চাইনবোৰ্ডত অসমীয়া ভাষা থাকিবই লাগিব, অসমীয়া ভাষাতো দিব পাৰিব APSC পৰীক্ষা’- ৰাজ্যিক কেবিনেটত লোৱা হ’ল বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কেবিনেটৰ সিদ্ধান্ত জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ 

কেবিনেটৰ সিদ্ধান্ত জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ 

  • Share this:
বুধবাৰে অনুষেঠিত হয় সোণোৱাল কেবিনেটৰ বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • ডিচেম্বৰৰ ভিতৰত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কেবিনেটৰ ৷


  • ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলোকাক সামৰি বড়োলোকৰ উন্নয়নৰ বাবে বড়ো-কছাৰী স্বায়ত্ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত ৷

  • চৰকাৰী নিযুক্তিৰ বাছনি পৰীক্ষাসমূহৰ দায়িত্ব এতিয়াৰে পৰা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব। বিশ্ববিদ্যালয়ৰ জৰিয়তে নাইবা চৰকাৰী বিভাগে নিজৰ দায়িত্বত পাতিব লাগিব পৰীক্ষা ৷

  • উপ-পৰিদৰ্শক, গ্ৰাম্য উন্নয়ন আদি বিভাগৰ পদসমূহৰ হ'বলগীয়া পৰীক্ষা এতিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্পাদিত হ'ব ৷

  • এডভোকেট জেনেৰেলক কেবিনেট মৰ্যাদা প্ৰদান ৷ APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয় ৷ বাঙালী,অসমীয়া,বড়ো ভাষাত দিব পাৰিব পৰীক্ষা ৷ APSCত মহিলাৰ সদস্য সংখ্যা এগৰাকীতকৈঅধিক হ'ব পাৰিব ৷


  • বিটিএডিৰ সকলো চাইন ব'ৰ্ডত অসমীয়া ভাষা হ'ব বাধ্যতামূলক ৷ সকলো ডেভেলপমেণ্ট কাউঞ্চিলৰ ন্যূনতম সদস্য সংখ্যা ২৫, সৰ্বাধিক ৪৫ ৷

  • গাওঁবুঢা়ৰ দৰমহা ৬,৫০০ৰ পৰা ৯,০০০ হ'ল ৷ মাজুলীত দুটাকৈ ফৰেষ্ট অফিচ , বীট অফিচ ৪ টা হ'ব ৷

  • ৪২৮খন বাগানৰ শিক্ষাৰ্থীক বিনামূলীয়া ব্ৰেকফাষ্ট, লান্স, পোছাক দিয়া হ'ব ৷

  • বাগানৰ tea plantation fund schemeৰ জমা পইচা ১ৰ পৰা ২লাখলৈ বঢ়োৱা হ'ল ৷

  • আমিনগাঁৱৰ ২৩ বিঘা নেশ্যনেল ফিচাৰী ডেভেলপমেণ্টক দিয়া হ'ব ৷


কেবিনেটৰ সিদ্ধান্ত জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ 
Published by: Himangshu Bhuyan
First published: October 7, 2020, 8:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading