• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত! চৰকাৰী বন্ধ ৩৪ দিন আৰু ৰেষ্ট্ৰিকটেড হ’লি দ্যে ৩১ দিন ধাৰ্য

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত! চৰকাৰী বন্ধ ৩৪ দিন আৰু ৰেষ্ট্ৰিকটেড হ’লি দ্যে ৩১ দিন ধাৰ্য

অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • Share this:
দেওবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত উপস্থিত মন্ত্ৰী আছিল  হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মোহন, ৰঞ্জিৎ দত্ত, নৱ দলে, পীয়ুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্তকে ধৰি ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী ৷

অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-

  • চৰকাৰী বন্ধ ৩৪ দিন আৰু ৰেষ্ট্ৰিকটেড হ’লি দ্যে ৩১ দিন ধাৰ্য

  • বান গৰাখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে পাব ৫ লাখ টকা পৰ্যন্ত সাহায্য । ঘৰ ক্ষতিগ্ৰস্ত হ’লে ১.৫ লাখ, খেতি মাটিৰ ক্ষতিসাধন হ’লে পাব ১ লাখ টকাৰ সাহায্য।

  • চাহ বাগিচাত চলি থকা আঁচনি চোৱাৰ বাবে PMU গঠন কৰাৰ সিদ্ধান্ত।

  • মিৰিৰ ঠাইত এতিয়াৰে পৰা হ'ব মিচিং জনগোষ্ঠী।

  •  মাইক্ৰ ফাইনেঞ্চিয়েল অনুষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন হ'ব, RBIৰ নীতি-নিৰ্দেশনাৰ জড়িয়তে নিয়ন্ত্ৰণ কৰা হ'ব।

  • মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে বিশেষ আইন অনা হ'ব, আগন্তুক বিধানসভাত উত্থাপন কৰা হ'ব ৷ শিক্ষানীতি কিছু সংশোধন কৰি ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

  • অগৰৰ খেতিৰ বাবে নতুন পলিচি গ্ৰহণ কৰিছে, এই ব্যৱসায়ীত এতিয়াৰে পৰা নাথাকিব কোনো মধ্যভোগী, উপকৃত হ'ব খেতিয়কসকল।

  • ব্যক্তিগত শিক্ষানুষ্ঠান বহুতে অনুমতি নোহোৱাকৈ শিক্ষাদান কৰি আছে। এতিয়াৰে পৰা স্কুল খুলিলেও অনলাইনযোগে ল'ব লাগিব চৰকাৰৰ অনুমতি।

Published by:Himangshu Bhuyan
First published: