বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত বহু কেইটা গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
- বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবে আজি মন্ত্ৰী পৰিষদৰ বৈঠকত অনুমোদন জনোৱা হয়।
- আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকত বিটিচিৰ নিৰ্বাচন প্ৰক্ৰিয়া অহা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পন্ন কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়।
- গৰুৰ খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে আজি মন্ত্ৰী পৰিষদৰ বৈঠকতে গোশালা সমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লয়।
- গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য।
- মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হ’বলগীয়া বালি, ষ্টীল, বিটুমিন আজিৰ ক্ষেত্ৰত ৰাজ্যিক জিএচটি, ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|