মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Cabinet Decisions: দেশীয় সুৰাৰ অৱকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত, কৃষিখণ্ডৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ দিশে অসম চৰকাৰ

Cabinet Decisions: দেশীয় সুৰাৰ অৱকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত, কৃষিখণ্ডৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ দিশে অসম চৰকাৰ

News18 Assam | News18-Assam
Updated:September 25, 2021, 12:38 PM IST
Cabinet Decisions: দেশীয় সুৰাৰ অৱকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত, কৃষিখণ্ডৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ দিশে অসম চৰকাৰ
file image

শক্তি-শিক্ষা-আৱকাৰী বিভাগতত কি কি কৰিব চৰকাৰে?

  • News18 Assam
  • Last Updated: September 25, 2021, 12:38 PM IST
  • Share this:
শুকুৰবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক ৷ এই বৈঠকত কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ জনতা ভৱনত আয়োজিত এক সংবাদমেলত সদৰি কৰে কেবিনেট মুখপাত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হ'ল ক্ৰমে :-

১) অসমৰ ৰাইজৰ বিদ্যুতৰ নাটনি আৰু কম ভল্টেজৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে অতি সোনকালে ১৯৬টা নতুন চাব-ষ্টেচনৰ নিৰ্মাণ কৰিব ৷ ২৬০৫ কিলোমিটাৰ দৈঘ্যৰ ৩৩ কে.ভি.ৰ  আৰু ৩০১৮ কিলোমিটাৰ দৈঘ্যৰ ১১ কে.ভি.ৰ বৈদ্যুতিক সংযোগৰ কাম নতুনকৈ কৰা হ'ব। ইয়াৰ লগতে ২৬৭৪ টা নতুন উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফাৰ্মাৰ সংযোগ কৰা আৰু ১,৮৬,২৫৫ টা অত্যাধুনিক প্ৰি-পেইড স্মাৰ্ট মিটাৰ আৰু ৪০,০০০ নতুন ট্ৰেন্সফাৰ্মাৰ মিটাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই কামখিনি সম্পন্ন কৰাৰ বাবে শক্তি বিভাগক ৩,২৮৪ কোটি টকাৰ প্ৰয়োজন হ'ব ।

২) অৱকাৰী বিভাগক দিয়া কৰ ফাঁকি ৰোধ কৰিবৰ বাবে কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত আছেঃ
(ক) এতিয়াৰে পৰা কাষৰীয়া ৰাজ্য, বিশেষকৈ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ আনি            বিক্ৰী কৰা সুৰাৰ বাবে বিশেষ পৰিবহন অনুজ্ঞাপত্ৰ (Transit Pass)ৰ প্ৰয়োজন হ'ব ।
(খ) অতি ক্ষতিকাৰক চুলাই মদৰ বিক্ৰী কম কৰিবৰ বাবে দেশীয় সুৰাৰ অৱকাৰী শুল্ক  আধালৈকে কমাই দি, দেশীয় সুৰাৰ মূল্য কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

(৩) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী) গোপীনাথ বৰদলৈৰ নামত অসম চৰকাৰে অনিয়মিতভাৱে প্ৰদান কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা ২০২১ বৰ্ষৰ পৰা প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে প্ৰদান কৰাৰ আৰু আগৰ দুই লাখ টকাৰ মাননীৰ ঠাইত এতিয়াৰে পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বঁটা সমগ্ৰ ভাৰতৰ কোনো বিশেষ ব্যক্তি বা সংস্থাক প্ৰদান কৰা হ'ব । এই বৰ্ষৰ বঁটা আগন্তুক ৩ অক্টোবৰ তাৰিখে দেশৰ উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুয়ে প্ৰদান কৰিব। ইয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰো আৰ্থিক মাননি পৰৱৰ্তী সময়ত বৃদ্ধি কৰাৰ সিদ্ধান্ত শুকুৰবাৰৰ কেবিনেটে গ্ৰহণ কৰে।

(৪) কৃষি প্ৰধান ৰাজ্য অসমৰ অতিশয় গুৰুত্বপূৰ্ণ বিভাগ কৃষি বিভাগৰ সম্প্ৰসাৰণ আৰু সৱলীকৰণৰ বাবে শুকুৰবাৰৰ কেবিনেটত প্ৰতিখন জিলাতে একোজনকৈ প্ৰগ্ৰেম অফিচাৰ (Agri B.Sc), এজন একাউণ্ট অফিচাৰ আৰু এজন মিডিয়া বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

(৫) অসম চৰকাৰৰ অধীনৰ আদৰ্শ বিদ্যালয়সমূহক পৰিচালিত কৰিবলৈ এক আদৰ্শ বিদ্যালয় সংগঠন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে অসমৰ ১২৬টা সমষ্টিত অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয়ৰৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

(৬) অসমত বা অসমৰ বাহিৰত থকা সামৰিক বা অৰ্ধসামৰিক অসমৰ লোক অথবা অসম আৰক্ষীৰ কোনো বিষয়া, জোৱান, গৃহৰক্ষী বাহিনীৰ জোৱান বা গাঁওৰক্ষী বাহিনীৰ ব্যক্তি কৰ্তব্য সম্পন্ন কৰা অৱস্থাত মৃত্যু হয়, তেখেত সকলৰ পৰিয়াললৈ ৫০ লাখকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা সিদ্ধান্ত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰে ।

(৭) অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমূহৰ বনুৱা সকললৈ আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে ২৪ কোটি টকা ব্যয়েৰে ২০ শতাংশকৈ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

(৮) অসমৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু ৱাৰ্ড সদস্য সকলৰ বৰ্তমানলৈকে পাব লগীয়া পৰিতোষিক ৬৬.৩৪ কোটি টকা মঞ্জুৰী দিয়ে অসম চৰকাৰে ।

(৯) অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোক সকলক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ সন্মানৰ নাম সলনি কৰি অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

(১০) ৰাজ্যবাসীক মাটি বাৰী সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিয়াৰ স্বাৰ্থত ২০৯.৮৪ কোটি টকা ব্যয়েৰে মিছন বসুন্ধৰা অভিলাসী পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বিষয়ে অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সবিশেষ ঘোষণা কৰিব ।
Published by: Himangshu Bhuyan
First published: September 25, 2021, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি