বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকতো বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছত মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে।
চৰকাৰৰ অধীনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আমোলাসকলক সম্বৰ্ধনা জনোৱা নহ'ব ৷ কেন্দ্ৰীয় মন্ত্ৰী থাকিলে বা অন্য গণ্যমাণ্য ব্যক্তিকহে সম্বৰ্ধনা জনোৱা হ'ব ৷ জিলা পৰিদৰ্শনলৈ গ'লে মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ সলনি বৃক্ষৰূপণ কাৰ্যসূচীহে ৰাখিব।
বিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো মন্ত্ৰীয়ে কোনো আঁচনি ঘোষণা কৰিব নোৱাৰিব
তামোলপুৰ জিলা গঠত কেবিনেটৰ অনুমোদন ৷ জিলা গঠনৰ দিনটোক জিলা দিৱস হিচাপে পালন কৰিব সংশ্লিষ্ট জিলাই। জিলা দিৱসৰ দিনত জিলাৰ বাবে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক সম্বৰ্ধনা জনাব ৷ এই অনুষ্ঠানত জিলাৰ দায়িত্ববাহী মন্ত্ৰী উপস্থিত থাকিব ৷
মুখ্যমন্ত্ৰীৰ কনভয় যাওতে দুই মিনিটৰ ওপৰত কোনো স্থানতে কোনো গাড়ী ৰখাই থ'ব নোৱাৰিব ৷ এম্বুলেন্স থাকিলে কোনেও ৰাখিব নোৱাৰিব ৷ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত ছয়খন গাড়ী থাকিব ৷ গুৱাহাটীৰ বাহিৰত বাৰখন গাড়ী থাকিব ৷
দহ মাৰ্চৰ ভিতৰত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা হয় ৷
১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ কেবিনেটৰ ৷
জলজীৱন মিছনক কাৰ্যক্ষম ক্ষীপ্ৰতাৰে কৰিবলৈ কেবিনেটত সিদ্ধান্ত ৷ জিলাৰ দায়িত্ববাহী মন্ত্ৰীসকলক নজৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
উচিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ জিলা উপায়ুক্তসকলে সম্বন্বয় ৰক্ষা কৰিব ৷
কোভিড SOPক লৈ আজি কোনো সিদ্ধান্ত লোৱা হোৱা নাই ৷ এক ফেব্ৰুৱাৰীৰ পূৰ্বে সিদ্ধান্ত লোৱা হ'ব ৷
পৌৰ নিগমৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে নিৰ্বাচনৰ বাবে কিছু সময় লাগিব ৷ পৌৰসভাৰ নিৰ্বাচনৰ পিছতহে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷