শনিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শনিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শনিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়ঃ
- ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ বাবে ভাল খবৰ। MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।
- পৌৰ নিগম অঞ্চলৰ অধীনত নিজৰ ৪৩২০ বৰ্গ ফুট ভূমিৰ তলত থাকিলেহে লাভ কৰিব EWS প্ৰমাণ পত্ৰ। অন্যথা নাপাব EWS প্ৰমাণ পত্ৰ।
- বাগিছা অঞ্চলত আৰম্ভ হ'ব হাইস্কুল শিক্ষা। অহা ব'হাগ বিহুৰ পিছৰ পৰা আৰম্ভ হ'ব পাঠ্যক্ৰম। অহা দুমাহৰ ভিতৰত ৭৫৫ গৰাকী শিক্ষকক নিয়োগ হব বাগিছা অঞ্চলত।
- ST SC OBC প্ৰমাণ পত্ৰ লোৱাৰ বাবে দূৰ হ'ব সমস্যা। ৰাজ্যৰ চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পিতৃ মাতৃৰ প্ৰমাণ পত্ৰ থাকিলে সন্তানে লাভ কৰিব প্ৰমাণ পত্ৰ। আনকি নৱম, দশম শ্ৰেণীত বিদ্যালয়ত গৈ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব।
- শৰণীয়া সকলে এতিয়াৰ পৰা শৰণীয়া কছাৰী, শৰণীয়া সোণোৱাল ৰূপে প্ৰমাণ পত্ৰ লাভ কৰিব।
- ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি নাৱাৰ্ডৰ ১৭০ কোটি ১৫ লাখ টকীয়া ঋণ গ্ৰহণ।
নাৱাৰ্ডৰ ঋণেৰে ১৫ খন আঁচনি আৰু চাৰিখন গাওঁ অঞ্চলত দলং নিৰ্মাণ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|