বুধবাৰে অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শৰ্মা চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত। অনুষ্ঠিত কেবিনেট বৈঠকে গোৰ্খা নাগৰিকক দিয়ে বিশেষ সকাহ। কেবিনেটত আজি ৰাজ্য চৰকাৰে গোৰ্খা নাগৰিকক বিদেশী বুলি গোচৰ নচলোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ বিদেশী ন্যায়াধীশিকৰণত চলি থকা গোচৰসমূহো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেট বৈঠকৰ অন্যান্য সিদ্ধান্তঃ
ফ্লেট ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বতে মানুহে জিলা উপায়ুক্তৰ পৰা অনুমোদন ল'বলগীয়া হৈছিল ৷ দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিছিল ৷ ফ্লেট ক্ৰয়ৰ বাবে কেৱল গুৱাহাটীতে সোতৰশ আবেদন পৰি আছে ৷ আজিৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় যে, ফ্লেট ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰয় কৰিবলগীয়া মানুহজনে বিক্ৰী কৰা মানুহজনৰ লগত বুজাবুজি কৰি পঞ্জীয়ণ কৰিব পাৰিব ৷ জিলা উপায়ুক্তৰ কাষলৈ যাব নালাগে।
১ লাখ নিযুক্তিৰ ভিতৰত শিক্ষা বিভাগত নিযুক্তিৰ অনুমোদন জনায় ৷ অনুমোদিত ২২,৯২১টা খালী পদত নিযুক্তিৰ অনুমোদন কেবিনেটৰ ৷ দহ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ৷ ১২,৯২১টা পদ ছেকেণ্ডাৰী এডুকেছনৰ ৷
১,৪৬৪টা পদ পাৰ্বত্য জনজাতীয়ৰ বাবে সংৰক্ষণ আছে আৰু ইয়াৰ বাবে বিশেষ TET পাতিব। ১ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷