ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক- চাহ শ্ৰমিকৰ মজুৰি ২১৭ টকালৈ বৃদ্ধি, কৰ্মচাৰীৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত.. জানি লওক সবিশেষ

File Photo
শুকুৰবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
- News18 Assam
- Last Updated: February 20, 2021, 3:39 PM IST
কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল-
- নিৰ্বাচনৰ লক্ষ্যৰে চাহ শ্ৰমিকৰ মন জয় কৰাৰ চেষ্টা সোণোৱাল কেবিনেটৰ । ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি চাহ শ্ৰমিকৰ দৈনিক মজুৰি।
- ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয়ৰ বাবে গঠন এজনীয়া কমিটী ৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ'ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি ৷
- ৰাজ্যৰ মুঠ ৫৮০ গৰাকী হাইস্কুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত ৷ ৫৭ খন স্কুলত কৰ্মৰত ১০১ গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰলৈ বৃদ্ধি।
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰৰ অধিক কাল কৰ্মৰত কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি।
- ASDMAৰ অধীনত কৰ্মৰত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণ।
- শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ক ২৮০ বিঘা ভূমি আবণ্টন।
- ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বাবে ১০ বিঘা মাটি আবণ্টন।
- বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৮ হাজাৰ হুইল চকী ক্ৰয়ৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷
- বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ পূৰ্বৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা পাৰ্বত্য উন্নয়ন বিভাগৰ সলনি এতিয়াৰে পৰা পৃথক পৃথক ষষ্ঠ অনুসূচীৰ অধিনত থাকিব দুটাকৈ বিভাগ ৷