• Home
  • »
  • News
  • »
  • assam
  • »
  • অধিক শিক্ষিত হ’ব সমাজ, অসম চৰকাৰৰ বিদ্যাৰথে শিক্ষা আগবঢ়ালে সহস্ৰাধিক শিশুক

অধিক শিক্ষিত হ’ব সমাজ, অসম চৰকাৰৰ বিদ্যাৰথে শিক্ষা আগবঢ়ালে সহস্ৰাধিক শিশুক

‘শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে’ এই টেগলাইনেৰে মুকলি কৰা বিদ্যাৰথে বৰ্তমান জ্ঞানৰ সফুঁৰা বিলাইছে

‘শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে’ এই টেগলাইনেৰে মুকলি কৰা বিদ্যাৰথে বৰ্তমান জ্ঞানৰ সফুঁৰা বিলাইছে

‘শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে’ এই টেগলাইনেৰে মুকলি কৰা বিদ্যাৰথে বৰ্তমান জ্ঞানৰ সফুঁৰা বিলাইছে

  • Share this:
অসমত সৰ্বশিক্ষা অভিযানৰ অধীনত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘বিদ্যাৰথ’ মুকলি কৰিছিল। ‘শিক্ষাৰ অধিকাৰ সকলো শিশুৰ বাবে’ এই টেগলাইনেৰে মুকলি কৰা বিদ্যাৰথে বৰ্তমান জ্ঞানৰ সফুঁৰা বিলাইছে।

এই বিদ্যাৰথে ভ্ৰাম্যমান কৰি ভিন্ন স্থানত শিশুসকলক শিক্ষা প্ৰদান কৰিছে। অশিক্ষিত, ৰাজপথত ঘূৰি–ফুৰা, শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক আনি শিক্ষা প্ৰদান কৰিছে এই বিদ্যাৰথে। হাতীগাঁও, নটবমা, বৰসজাই, সিজুবাৰী অঞ্চলৰ ৪০ জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া লাভ কৰিছে শিক্ষা। উল্লেখ্য যে, বটল বিচাৰি ফুৰা শিশুসকলে পুৱা ৯ বাজিলে ঐক্য বস্ত্ৰ পৰিধান কৰি ৰাজপথত বিদ্যাৰথ বাহনখনলৈ বাট চাই ৰৈ থাকে। বাহনখনৰ ভিতৰতে পাঠদান কৰোৱা হয় শিক্ষাৰ্থীসকলক। বাহনখনৰ চাৰিওফালে বিভিন্ন আখৰ যেনে অংক, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ আৰু ইংৰাজীৰ ফলা লিখা আছে। বাহনখনত চিচি কেমেৰা, বুক ষ্টোৰ ইত্যাদিও আছে। ৪০খন বিদ্যাৰথৰ ছাত্ৰ-ছাত্ৰীৰ পৰা অন্ততঃ ৫ জনক আগন্তুক শিক্ষাবৰ্ষত প্ৰাথমিক বিদ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব বুলি ইয়াৰ শিক্ষক-শিক্ষয়ত্ৰীসকল আশাবাদী।

ৰাস্তাত বটল বিচাৰি ফুৰা শিশুৱে এতিয়া অ,আ, ক,খ ১,২,৩,৪ জনাৰ লগতে গান গাবলৈ শিকিছে। বিদ্যাৰথৰ বাবে  এই সকল শিশুৱে ভৱিষ্যতৰ ৰঙীন সপোন ৰচিব পাৰিছে।

বাহনখনত লিখা আছে ন্যায় সকলোৰে বাবে এনেদৰে এতিয়া অবহেলিত শিশু সকলে বটলৰ পৰিবৰ্তে হাতত তুলি লৈছে ৰং তুলিকা, কাপ।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি