உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাঢ়িছে কোভিড, গতিকে No Picnic! প্ৰশাসনে বন্ধ কৰিলে সকলো বনভোজথলী, উলংঘা কৰিলেই কঠোৰ শাস্তি

    বাঢ়িছে কোভিড, গতিকে No Picnic! প্ৰশাসনে বন্ধ কৰিলে সকলো বনভোজথলী, উলংঘা কৰিলেই কঠোৰ শাস্তি

    এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা লোৱা হ'ব।

    • Share this:
    কোৰোণাৰ বাঢ়িছে প্ৰকোপ। ফলত প্ৰশাসনে বন্ধ কৰিছে বনভোজস্থলীসমূহ। শুকুৰবাৰে এই সন্দৰ্ভত জাৰি কৰা হয় এক নিৰ্দেশনা।

    নিৰ্দেশনা অনুসৰি বৰ্তমানৰ কোভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ আৰু  ৰাইজৰ মাজত কোভিড ১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা যেনে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে। তাৰ ফলত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিকে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

    তৎকালীনভাৱে অৰ্থাৎ ২১ জানুৱাৰী ২০২২ ৰ পৰা বলবৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ উকিয়াম, কুলশী, চানডুবি, বাৰেগাঁও, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীর্ঘেশ্বৰী, মদন কামদেৱ, মলং শিলডুবি হহুৱাপাৰাকে ধৰি সকলো বনভোজথলী পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

    এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা লোৱা হ'ব।
    Published by:Himangshu Bhuyan
    First published: