உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি, ৯ ছেপ্তেম্বৰৰ পৰা ওলাব ২০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন

    লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি, ৯ ছেপ্তেম্বৰৰ পৰা ওলাব ২০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন

    lovlina Borgohain

    lovlina Borgohain

    ৩৬ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা আগবঢ়োৱা হৈছে এইবাৰৰ শিক্ষক দিৱসত।

    • Share this:
    আজি শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনটোতে লাভলীনা বৰগোঁহাইক সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। লগতে প্ৰতিটো শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থা কৰাৰ পোষকতা কৰে শিক্ষামন্ত্ৰী পেগুৱে।

    ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৯ ছেপ্টেম্বৰৰ পৰা ২০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা ঘোষণা কৰে। এইবাৰ বাজেটত প্ৰায় ২০ হাজাৰ কোটি টকা শিক্ষা বিভাগৰ উন্নয়নৰ বাবে আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে। শিক্ষক নিযুক্তি, আন্তঃ গাঁথনি উন্নয়ন আৰু মান বিশিষ্ট শিক্ষাৰ জৰিয়তে দেশৰ ভিতৰতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে বুলি জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে।

    এইবাৰৰ শিক্ষক দিৱসত ৩৬ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা আগবঢ়োৱা হৈছে। তাৰে আনুষ্ঠানিক ভাবে চাৰি গৰাকী শিক্ষকক আগবঢ়োৱা হয় বঁটা। অধ্যাপক টাবু ৰাম টাইডলৈ মৰণোত্তৰ বাবে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বটাঁ প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত দুখন স্মৰণিকা 'শিক্ষাজ্যোতি' আৰু 'কামৰূপায়ন' উন্মোচনো কৰা হয়।
    Published by:Himangshu Bhuyan
    First published: