ৰাজ্যৰ তিনিখন মহাবিদ্যালয়লৈ "শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ"ৰ সন্মান।
ৰাজ্যৰ তিনিখন মহাবিদ্যালয়লৈ "শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ"ৰ সন্মান।
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বনানীকৰণ আঁচনিৰ ঘোষণা অসম চৰকাৰৰ। চলিত বৰ্ষৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টলৈ এই আঁচনি ৰূপায়ণৰ লক্ষ্য চৰকাৰৰ। কলিয়াবৰত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা।
আনহাতে, সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ হৈ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সন্মান। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ তৰফৰ পৰা আগবঢ়াব ৰাজ্যৰ দহ গৰাকী বিশিষ্ট ব্যক্তিলৈ পৰিৱেশ মিত্ৰৰ সন্মান (Assam government announces several awards on World Environment Day)।
পৰিবেশ সংৰক্ষণৰ দিশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে প্ৰদান কৰা হ'ব এই সন্মান। সংবাদমেলত ঘোষণা কৰা মতে ব্যক্তিসকলৰ নাম ক্ৰমে গোলাঘাটৰ ড° পদ্মেশ্বৰ গগৈ, কামৰূপ মহানগৰৰ অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য্য আৰু মুবিনা আখটাৰ, কাছাৰ জিলাৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰী, বাকসা জিলাৰ বিজয় চৌধুৰী, নগাওঁ জিলাৰ প্ৰশান্ত বৰদলৈ, তিনিচুকীয়াৰ ক্ষণজিৎ গগৈ আৰু জয়নাল আবেদিন, লখিমপুৰৰ দেৱজিৎ ফুকন।
ৰাষ্ট্ৰীয় সেউজ বাহিনী আৰু এছটেকৰ জলবায়ু কোষৰ তৰফৰ পৰাও কেইবাটাও বঁটাৰ ঘোষণা। ৰাজ্যৰ তিনিখন মহাবিদ্যালয়লৈ "শ্ৰেষ্ঠ মহাবিদ্যালয়লৈ ইক' ক্লাব" সন্মান। তিনিচুকীয়া মহাবিদ্যালয়, বিজনী মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়লৈ এই সন্মান।
আনহাতে, ৰাজ্যৰ পাঁচখন বিদ্যালয়লৈ "শ্ৰেষ্ঠ বিদ্যালয় ইক' ক্লাব" সন্মান। মৰিগাওঁ আদৰ্শ বিদ্যালয়, গোৱালপাৰা বিদ্যাপীঠ উচ্চ বিদ্যালয়, মডাৰ্ন ইংলিছ স্কুল (বাকসা), ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰুপেটা উচ্চ বিদ্যালয়লৈ এই সন্মান।
ইয়াৰোপৰি, ৰাজ্যৰ তিনিখন মহাবিদ্যালয়লৈ "শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ"ৰ সন্মান। এই সন্মান লাভ কৰা মহাবিদ্যালয় তিনিখন হ'ল ধুবুৰী জিলাৰ "বি. এন. মহাবিদ্যালয়", কাৰ্বি-আংলং জিলাৰ "প্ৰণৱ-জুবিলী মহাবিদ্যালয়" আৰু যোৰাহাটৰ "বাহনা মহাবিদ্যালয়"।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|