உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কোভিড-কালত শিপিনীলৈ সকাহ! ৮০ কোটি টকাৰে হস্ততাঁত বস্ত্ৰ কিনিব চৰকাৰে

    কোভিড-কালত শিপিনীলৈ সকাহ! ৮০ কোটি টকাৰে হস্ততাঁত বস্ত্ৰ কিনিব চৰকাৰে

    Providing Relief to The Weavers : 'উদ্যোগ স্বনিৰ্ভৰ নাৰী'ৰ অধীনত উপকৃত হ'ব ১.২৩ লাখ শিপিনী

    Providing Relief to The Weavers : 'উদ্যোগ স্বনিৰ্ভৰ নাৰী'ৰ অধীনত উপকৃত হ'ব ১.২৩ লাখ শিপিনী

    Providing Relief to The Weavers : 'উদ্যোগ স্বনিৰ্ভৰ নাৰী'ৰ অধীনত উপকৃত হ'ব ১.২৩ লাখ শিপিনী

    • Share this:

    বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma) হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত ক’ভিড মহামাৰীৰ দ্বাৰা প্ৰভাৱিত শিপিনীসকলক সকাহ প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এক উদ্যোগ স্বনিৰ্ভৰ নাৰীৰ কাৰ্যকৰীকৰণৰ (implementation of self-reliant women) পৰ্যালোচনা কৰে। এই উদ্যোগৰ অধীনত ৰাজ্য চৰকাৰে আৰ্টফেড আৰু এ জি এম চি লিমিটেডৰ জৰিয়তে ৰাজ্যখনৰ থলুৱা শিপিনীসকলৰ পৰা বিক্ৰী নোহোৱা গামোচা, আৰনাই, পাজাৰ আদিৰ দৰে ২৯ বিধ পৰম্পৰাগত হস্ততাঁত সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।


    এই ক্ৰয় কৰা সামগ্ৰীসমূহ আৰ্টফেড আৰু এ জি এম চিৰ  শ্ব'ৰূমৰ জৰিয়তে আৰু লগতে অনলাইন মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰা হ'ব । এইক্ষেত্ৰত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে এছ অ’ পি ডি-অ' ডি এছ-ৰ অধীনত ৮০ কোটি টকা মুকলি কৰা হৈছে ।


    প্ৰথম পৰ্যায়ত সূতা পাছবুক আঁচনিৰ অধীনত সূতা পাছবুক থকা প্ৰায় ১.২৩লাখ শিপিনীক সামৰি লোৱা হ'ব ।শিপিনীসকলৰ ঘনত্বৰ ভিত্তিত সমগ্ৰ অসমত ৮৭ টা ক্ৰয় কেন্দ্ৰ চিনাক্ত কৰা হৈছে। শিপিনীসকলক সৰ্বাধিক লাভালাভ প্ৰদান কৰিবলৈ তথা কোনো মধ্যস্থতাকাৰীয়ে যাতে এই পদক্ষেপৰ সুবিধা ল'ব নোৱাৰে; তাক নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগক (Department of Handloom and Textiles) নিৰ্দেশনা দিয়ে ।


    লগতে পৰৱৰ্তী বিত্তীয় বৰ্ষত আঁচনিখন আগুৱাই নিয়াৰ বাবে সৰ্বাধিক শিপিনীক সামৰি ল'বলৈ প্ৰতিটো উন্নয়ন খণ্ডত শিপিনী পঞ্জীয়ন পৰ্টেল  আৰু ক্ৰয় কেন্দ্ৰ মুকলি কৰাৰ বাবেও বিভাগটোক মুখ্যমন্ত্ৰী ড° শৰ্মাই নিৰ্দেশনা দিয়ে ৷


    উল্লেখ্য, জনতা ভৱনত অনুষ্ঠিত বৈঠকত বিভাগীয় মন্ত্ৰী ইউ জি ব্ৰহ্মও উপস্থিত আছিল।

    Published by:Gautam Barman
    First published: