শনিবাৰে ভেকচিনৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে।
শনিবাৰে ভেকচিনৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে।
শনিবাৰে ভেকচিনৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধিছে ৰাজ্য চৰকাৰে। পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব ভেকচিন। দুটা শ্বিফ্টত ভেকচিনৰ কাম চলিব। গাঁৱত এটা শ্বিফ্টত ভেকচিন দিয়া হ'ব। সেইদৰে ১৮, ৪৫ বছৰ বুলি নাথাকিব। ২১ জুলাইৰ পৰা সকলো ভেকচিন ভাৰত চৰকাৰে প্ৰদান কৰিব। এই কথা জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে ভেকচিন চেন্টাৰত নিয়োজিত চিকিৎসাকমীক দৈনিক ১০০টকাকৈ দিয়া হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বিজেপি এজিপি আৰু ইউ পি পি এলৰ কৰ্মকতাক ভেকচিন চেণ্টাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰিব আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে,' শুকুৰবাৰে এক লাখ লোকক ভেকচিন দিবলৈ সক্ষম হৈছো। ইয়াৰ পূৰ্বে এটা দিনত ৯২ হাজাৰ লোকক ভেকচিন দিবলৈ সক্ষম হৈছিলো। তিনি লাখ লোকক এটা দিনত ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২ লাখ ৬০ হাজাৰ ভেকচিন দিব পাৰিলে ভাৰত চৰকাৰে তিনি লাখ ভেকচিন প্ৰদান কৰিব। অহা সোমাবৰৰ পৰা এটা দিনত তিনি লাখ ভেকচিন দিয়াৰ লক্ষ্য। প্ৰথমৰ লগত দ্বিতীয় ড'জৰ ভেকচিন দিয়া হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|